কালিৰ পৰা বিমান চলিব,কি ব্যৱস্থা কৰা হৈছে বিমান বন্দৰত

0 261

ক’ৰণা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে ২৪মাৰ্চৰ পৰা দেশজুৰি আৰম্ভ হোৱা লকডাউনৰ সময়ৰে পৰা ভাৰতত ঘৰুৱা তথা ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় যাত্ৰীবাহী বিমান সেৱা বন্ধ হৈ আছে। অৱশেষত বন্ধ হোহকা পিছলাৰ অন্তত কেতবোৰ বিশেষ নীতি নিয়মৰ মাজেৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে দিয়া নিৰ্দেশাৱলীৰ আধাৰত ২৫মে’ৰ পৰা দেশত সীমিত সংখ্যক ঘৰুৱা যাত্ৰীবাহী বিমান চলাচল কৰিব বুলি অসামৰিক বিমান পৰিবহন মন্ত্ৰণালয়ে ঘোষণা কৰিছে।
 
 
 
আনহাতে এই ঘোষণাৰ পিছত উত্তৰ পূৱৰ আটাইতকৈ বৃহত্তম আৰু প্ৰথমটো আন্তৰ্জাতিক বিমান বন্দৰ হিচাপে পৰিচিত গুৱাহাটীৰ বৰঝাৰ স্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰতো কৰ্তৃপক্ষই তৎপৰতা আৰম্ভ কৰিছে। এই সন্দৰ্ভত ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ উত্তৰ পূৱ মণ্ডলৰ কেন্দ্ৰীয় কাৰ্যবাহী সঞ্চালক সঞ্জীৱ জিন্দালে সদৰী কৰা অনুসৰি প্ৰথম পৰ্যায়ত মাত্ৰ এক তৃতীয়াংশ বিমানহে চলাচল কৰিব।
 
 
গুৱাহাটীকে ধৰি উত্তৰ পূৱত থকা ১২টা বিমান বন্দৰ প্ৰায় দুমাহ ধৰি বিৰতিৰ অন্তত বিমানৰ উৰণ অৱতৰণৰ বাবে সাজু কৰি তোলা হৈছে। এতিয়াৰে পৰা বিমানত যাত্ৰা কৰিব বিচৰা যাত্ৰীয়ে মুখত মাস্ক আৰু হাতত গ্লোবছ পৰিধান কৰি ছেনিটাইজাৰ লৈ সামাজিক দুৰত্ব অটুট ৰাখি যাত্ৰাৰ দুঘণ্টাৰ আগতেই বিমান বন্দৰত আহি উপস্থিত হ’ব লাগিব। তাৰ পিছত স্বাস্থ্য পৰীক্ষা কৰি ক’ভিড১৯ৰ স্থিতি পৰীক্ষা কৰা হ’ব। প্ৰতিগৰাকী যাত্ৰীয়ে আৰোগ্য সেতু এপ ডাউনলোড কৰাটো বাধ্যতামূলক।

Leave A Reply

Your email address will not be published.