কাৰাগাৰৰ শিশুসকলৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে

0 224

ক’ভিড মহামাৰীৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ কাৰাগাৰত থকা শিশুসকলক গুৱাহাটী উচ্চ ন্যায়ালয়ে সকাহ প্ৰদান কৰিলে। গুৱাহাটী উচ্চ ন্যায়ালয়ত বিগত বৰ্ষত স্থাপন কৰা ‘আত্ম-অনুপ্ৰেৰণা’ আৱেদন পৰ্য্যবেক্ষণ কৰি পুনৰ সংশোধন কৰে আৰু ক’ভিড আক্রান্ত শিশুসকলক সকাহ দিয়ে। ২৯ এপ্ৰিলত, উচ্চ ন্যায়ালয়ে ৰাজ্যখনৰ কাৰাগাৰত থকা শিশু অপৰাধীসকলৰ বিৱৰণ জানিব বিচাৰিছিল লগতে কিমানজন শিশু ক’ৰনা ভাইৰাছত আক্ৰান্ত হৈছে তাৰ তথ্য প্ৰদান কৰিবলৈ কাৰাগাৰ সমূহক নিৰ্দেশ দিয়া হৈছিল। গুৱাহাটী উচ্চ ন্যায়ালয়ে ক’ভিড আক্রান্ত কাৰাগাৰৰ বন্দীসকলৰ যত্ন লোৱাৰ বাবে কাৰাগাৰ কৰ্তৃপক্ষই গ্ৰহণ কৰা ব্যৱস্থাসম্পৰ্কেও এক প্ৰতিবেদন বিচাৰিছে।
চলিত বৰ্ষৰ ৩০ এপ্ৰিলত অসমৰ কাৰাগাৰ মহাপৰিদৰ্শকে ৰাজ্যখনৰ কাৰাগাৰৰ ৰোগীসকলৰ বিৱৰণ আৰু গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ বিৱৰণ ন্যায়ালয়ত দাখিল কৰে। মুখ্য ন্যায়াধীশ সুধাংশু ধুলিয়া আৰু ন্যায়াধীশ মানশ ৰঞ্জন পাঠকে উক্ত বিষয় সন্দৰ্ভত কয় যে, “অসমৰ বিভিন্ন কাৰাগাৰত বন্দীৰ সংখ্যা সম্পৰ্কে পৰামৰ্শদাতাই কিছু বিৱৰণ প্ৰদান ন্যায়ালয়ক কৰিছে। উক্ত বিৱৰণ সন্দৰ্ভত ন্যায়ালয়ে গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰৰ লগতে অন্যান্য কাৰাগাৰ যেনে তেজপুৰ, শিলচৰ, নগাঁও, কোকৰাঝাৰ, গোৱালপাৰা, হাইলাকান্দি, কৰিমগঞ্জ, উত্তৰ লখিমপুৰ, ওদালগুৰি আৰু নগাওঁৰ বিশেষ কাৰাগাৰৰ মুঠ ১,৩০৩ জন বন্দীৰ ভিতৰত ৪ জন শিশু ক’ভিড-১৯ত আক্রান্ত হোৱাৰ তথ্য জানিবলৈ দিয়ে। শেষত ন্যায়ালয়ে বিচাৰপীঠে কাৰাগাৰ কৰ্তৃপক্ষক উক্ত বিষয় সন্দৰ্ভত শিশুআৰু কিশোৰ সকলৰ সুৰক্ষাৰ বাবে টীকাকৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আদেশ দিয়ে। পৰৱৰ্তী শুনানি ১১ মে’ত হ’ব বুলি গুৱাহাটী উচ্চ ন্যায়ালয়ে জানিবলৈ দিয়ে।

Leave A Reply

Your email address will not be published.