কাৰ্গিল শ্বহীদৰ অদম্য সাহসৰ জীপাল দস্তাবেজ কাৰ্গিল বিজয় দিৱস

0 218

আজি কাৰ্গিল বিজয় দিৱস। প্ৰতি বছৰে ২৬ জুলাইত ভাৰতীয় সেনাই কাৰ্গিলৰ বীৰ শ্বহীদক সন্মান জনাই এই দিৱস উদযাপন কৰি আহিছে। আজিৰে পৰা ২২ বছৰ আগতে অৰ্থাৎ ১৯৯৯ চনৰ কাৰ্গিল যুদ্ধ সংঘটিত হৈছিল। কাৰ্গিল বিজয় দিৱসে ভাৰতীয় সেনাৰ অদম্য সাহস আৰু ত্যাগক প্ৰতিনিধিত্ব কৰে।
যিয়ে গৃহভূমিত প্ৰৱেশ কৰা শত্ৰুক ভাৰতীয় সেনাই অহা বাটেৰে উভতাই পঠাবলৈ সক্ষম হৈছিল। ভাৰতীয় সেনাই মাইনাছ ২০ ডিগ্ৰী ঠাণ্ডা আৰু ১৮ হাজাৰ ফুট উচ্চতাক অতিক্ৰমী শত্ৰুক ভেদিবলৈ সক্ষম হৈছিল। ১৯৯৯ চনৰ ৩ মে’ত আৰম্ভ কৰা অপাৰেচন ২৪ জুলাইত শেষ হৈছিল। কিন্তু ইয়াৰ পিছতে সাক্ষী হৈ ৰৈছিল স্মৃতিসৌধটো। কাৰ্গিল বিজয় দিৱস উপলক্ষে ৰাষ্ট্ৰপতি ৰামধাথ কোবিন্দে ৱাৰ মেম’ৰিয়েলত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
আনহাতে দেশৰ প্ৰধানমন্ত্ৰীয়ে কালি মন কি বাত’ অনুষ্ঠানত কয় যে, কাৰ্গিল যুদ্ধ ভাৰতীয় সেনানীৰ শৌৰ্য আৰু সংযমৰ প্ৰতীক, যি সমগ্ৰ বিশ্বই দেখিছে। আশা কৰো আপোনালোৰ কাৰ্গিলৰ ৰোমাঞ্চিত কৰা গাথা পঢ়িব আৰু কাৰ্গিলৰ বীৰক সুঁৱৰিব, উল্লেখ্য যে, প্ৰায় ৬০ দিন চলা এই কাৰ্গিল যুদ্ধতেই প্ৰাণ হেৰুৱাইছিল অসমৰ বীৰ কেপ্তেইন জিণ্টু গগৈয়ে।

Leave A Reply

Your email address will not be published.