কাৰ্বি আংলংৰ ডলামাৰা ৰেঞ্জৰ কৰ্মীসকলক আৰণ্যকৰ সামগ্ৰী প্ৰদান

0 178

যোৱা ১ আগষ্টত CRMH বিদ্যালয়ত অনুষ্ঠিত হোৱা এখন সভাত আৰণ্যকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু টাইগাৰ ৰিজাৰ্ভৰ কাষত থকা কাৰ্বি আংলং জিলাৰ ডলামাৰা ৰেঞ্জৰ সহযোগত বন বিভাগৰ প্ৰায় ৩১ জন ফ্ৰণ্টলাইন বন কৰ্মচাৰীক টৰ্চ লাইট,জোতা আদি সা-সামগ্ৰী প্ৰদান কৰে।এই সমগ্রী সমূহ KEPL ৰ সহযোগত প্ৰদান কৰা হয়।আৰণ্যক tiger Research and conservation Divisionৰ Head ড° এম ফিৰোজ আহমেদ অনুষ্ঠানত উপস্থিত থকা বিশিষ্ট ব্যক্তি সকলক আদৰণি জনাই সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে।কাৰ্বি আংলংৰ ডলামাৰা ৰেঞ্জৰ LC. ACF শ্ৰী প্ৰহ্লাদ ক্ৰৱে কয় যে যদিও কাৰ্বি আংলংৰ বন বিভাগৰ কৰ্মচাৰী সংখ্যা কম তথাপিও তেওঁলোকক বন্যপ্ৰাণী সংৰক্ষণ বাবে বিশেষকৈ বানপানীৰ সময়ত ক্ষতিগ্ৰস্ত হোৱা জন্তুৰ বাসস্থান সমূহ সুৰক্ষিত কৰিবলৈ আৰু অধিক উৎসাহিত কৰা হয়।লগতে বন কৰ্মী সকলক তেওঁলোকৰ লাগতিয়াল সামগ্ৰী সমূহ প্ৰদান কৰা বাবে আৰণ্যকক ধন্যবাদ জ্ঞাপন কৰে।
আৰণ্যকৰ CEO ড° বিভৱ কুমাৰ তালুকদাৰে তেওঁৰ বক্তব্যত কাৰ্বি আংলংৰ বনাঞ্চল সমূহৰ গুৰুত্ব কথা উল্লেখ কৰি কয় যে এই বনাঞ্চল সমূহ সংৰক্ষণ বাবে যুটীয়া প্ৰচেষ্টাৰ প্রয়োজন।লগতে কয় যে আৰণ্যকে এই ক্ষেত্ৰত কাৰ্বি আংলংৰ বন বিভাগৰ বিষয়া সকলৰ সৈতে একেলগে হৈ প্ৰচেষ্টা অব্যাহত ৰাখিব।কাজিৰঙা টাইগাৰ ৰিজাৰ্ভৰ Field Director শ্ৰী দি শিৱ কুমাৰে কাৰ্বি আংলং বনাঞ্চলৰ কৰ্মচাৰী সকলক সমৰ্থন জনোৱা বাবে আৰণ্যকক ধন্যবাদ জ্ঞাপন কৰে।তেওঁ কয় যে কাজিৰঙা টাইগাৰ ৰিজাৰ্ভ বিভিন্ন সময়ত বন্যপ্ৰাণী সংৰক্ষণ বাবে ডলামাৰা ৰেঞ্জক সহযোগিতা প্ৰদান কৰি আহিছে।তেওঁ লগতে উল্লেখ কৰে যে বন কৰ্মীসকলে বন্য জন্তুৰ সুৰক্ষা নিশ্চিত কৰাৰ উপৰিও অঞ্চলটো মূল্যবান উদ্ভিদ সমূহৰ প্ৰতিও লক্ষ্য ৰাখিব লাগে।অনুষ্ঠানটোত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উত্তৰ পূৱ বন সংমণ্ডৰ DFO শ্ৰী ৰমেশ গগৈ আৰু কহৰা ৰেঞ্জৰ ৰেঞ্জ অফিচাৰ শ্ৰী বিভূতি ৰঞ্জন গগৈ উপস্থিত থাকে।তাৰোপৰি কাজিৰঙা অঞ্চলৰ জ্যেষ্ঠ সাংবাদিক স্বপন কুমাৰ লাখো উপস্থিত আছিল।আৰণ্যকৰ পৰা আৰিফ হুছেইন, চাৰলংজন টেৰন,সৌৰভ গুপ্তা, অজয় অংগু আৰু ৰৱেল ইংটিয়ে কাৰ্যসূচীটোত সহায় কৰিছিল।

Leave A Reply

Your email address will not be published.