সামাজিক সচেতনতাৰ বাবে অসম আৰক্ষীৰ বিশেষ পদক্ষেপ

0 248

ৰাজ্যবাসীক ক’ভিড১৯ৰ বাবে পূৰ্বতকৈ আৰু অধিক সজাগ কৰিবলৈ অসম আৰক্ষীয়ে এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। এই সজাগতা অভিযানৰ বাবে অসম আৰক্ষীয়ে জনসাধাৰণক দাবী ধমকি দিয়াৰ সলনি বলিউডৰ জনপ্ৰিয় অভিনেতা শ্বাহৰুখ খানৰ এখন বিশেষ ফটোৰ সহায় লৈছে।
 
 
 
জনসাধাৰণক সামাজিক দূৰত্বৰ ব্যৱধান বুজাবলৈকে কিং খান শ্বাহৰুখ খানে দুবাহু মেলি উঠা বিখ্যাত ফটোখন ব্যৱহাৰ কৰিছে। এই সন্দৰ্ভত ইতিমধ্যে অসম আৰক্ষীয়ে অফিচিয়েল টুইটাৰ একাউণ্ট যোগে সমগ্ৰ কথাৰ লগতে বিশেষ ফটোখন সদৰী কৰিছে।
 
 
 
 
শ্বাহৰুখ খানৰ সেই বিশেষ ফটো খনৰ লগত সংলগ্ন কৰিছে এটা বিশেষ কেপচনৰ। ফটোখন সহিতে সংলগ্ন কৰা কেপচনটো হ’ল কভি কভি পাছ আনে কে লিয়ে কুচ্ছ দূৰ জানা পৰতা হ্যায়, অউৰ দূৰ জাকৰ পাছ আনে ৱালো কো বাজীগৰ কেহতে হ্যায়।
 
 
 
সম্প্ৰতি এই বিশেষ ফটোখন চ’চিয়েল মিডিয়াত অধিক ভাইৰেল হোৱাৰ সমান্তৰালকৈ দেশৰ বিভিন্নপ্ৰান্তৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমতো এতিয়া বিশেষ স্থান অধিকাৰ কৰিছে।জনসাধাৰণক সজাগ আৰু সচেতন কৰাৰ বাবে বিভিন্ন সময়ে সময়ে অসম আৰক্ষীয়ে এনেধৰণৰ কেতবোৰ বিশেষ পন্থা অৱলম্বন কৰি আহিছে।

Leave A Reply

Your email address will not be published.