কিছান আঁচনিৰ হিতাধিকাৰীক কিছান ক্ৰেডিট কাৰ্ডৰ অধীনত ঋণ প্ৰদান কৰা হ’ব

0 280

কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ মৰ্মে জিলাখনৰ সকলো প্ৰধান মন্ত্ৰী কিছান আঁচনিৰ হিতাধিকাৰীক কিছান ক্ৰেডিট কাৰ্ডৰ অধীনত ঋণ প্ৰদান কৰি লাভান্বিত কৰাৰ উদ্দেশ্যে জিলা প্ৰশাসনৰ উদ্যোগত এক বিশেষ অভিযান আৰম্ভ কৰা হৈছে। এই সম্পৰ্কে জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধিৰ উদ্দেশ্যে যোৱা ১৩ ফেব্ৰুৱাৰীত উপায়ুক্ত কাৰ্য্যালয়ৰ চুকাফা সভাকক্ষত এক সংবাদমেল অনুষ্ঠিত হয়।
সংবাদমেল সম্বোধন কৰি অতিৰিক্ত উপায়ুক্ত জুনুমণি সোনোৱালে কয় যে, জিলাখনৰ মুঠ ৬০,৯৪৯ গৰাকী প্ৰধান মন্ত্ৰী- কিছান আঁচনিৰ হিতাধিকাৰীৰ ভিতৰত ৩৫,৫০৪ গৰাকীয়ে ইতিমধ্যে বিভিন্ন বেংকৰ মাধ্যমেৰে কিছান ক্ৰেডিট কাৰ্ডৰ অধীনত ঋণ লাভ কৰিছে। বাকী থকা ২৫,৪৪৫ গৰাকী হিতাধিকাৰীয়েও যাতে এই সুবিধা গ্ৰহণ কৰিব পাৰে তাৰ বাবে চৰকাৰী নিৰ্দেশমৰ্মে যোৱা ৮ ফেব্ৰুৱাৰীৰ পৰা ১৫ দিনৰ বাবে বিস্তৃতভাৱে সজাগতা কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। কৃষি বিভাগৰ লগতে অগ্ৰণী বেংক আৰু নাবাৰ্ডৰ দ্বাৰাও গ্ৰাম্যাঞ্চলত এই বিত্তীয় সজাগতা অভিযান ৰূপায়ন কৰা হৈছে।
উল্লেখযোগ্য যে, প্ৰধান মন্ত্ৰী- কিছান আঁচনিৰ হিতাধিকাৰীয়ে কিছান ক্ৰেডিট কাৰ্ডৰ অধীনত ঋণ লাভ কৰোতে বিশেষ কিছুমান সুবিধা পাব, যেনে, ৩ লাখ টকালৈকে ঋণৰ ক্ষেত্ৰত কোনোধৰণৰ Security Money বা Processing Fees হিতাধিকাৰীয়ে দিব নালাগে। তদুপৰি ঋণৰ আবেদন পত্ৰ লাভ কৰা তাৰিখৰ পৰা ১৫ দিনৰ ভিতৰতে বেংকে হিতাধিকাৰীক ঋণ প্ৰদান কৰাটো বাধ্যতামূলক।
অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে উল্লেখ কৰে যে, চৰকাৰে ২০২২ চনৰ ভিতৰত কৃষক সকলৰ আয় দুগুণে বৃদ্ধি কৰাৰ লক্ষ্যৰে এনে পদক্ষেপ গ্ৰহণ কৰিছে। কৃষি খণ্ডৰ উন্নতি আৰু কৃষক সকলৰ আয় বৃদ্ধিৰ দ্বাৰাহে দেশৰ উন্নতি সম্ভৱ।
কিছান ক্ৰেডিট কাৰ্ডৰ ঋণৰ আবেদন পত্ৰসমূহ ইতিমধ্যে বিতৰণ আৰম্ভ কৰা হৈছে। হিতাধিকাৰী সকলে কৃষি, পশুপালন আদি বিভাগীয় কাৰ্যালয়, ক্ষেত্ৰ পৰ্য্যায়ৰ বিষয়া বা সমূহীয়া সেৱা কেন্দ্ৰ (Common Service Centre) সমূহৰ পৰা এই আবেদন পত্ৰ সংগ্ৰহ কৰিব পাৰিব।
এই সংবাদমেলত অগ্ৰণী বেংক, নাবাৰ্ড, কৃষি, মীন, পশুচিকিৎসা আৰু পশুপালন, ৰেচম, উদ্যান শস্য আদি বিভাগৰ বিষয়া সকল উপস্থিত থাকে।
খবৰ যুগুতালে শিৱসাগৰৰ পৰা দিল্লিস্তান খানে..

Leave A Reply

Your email address will not be published.