গাৰ্ডেনিং কৰাৰ চখ আপোনাৰ আছে নেকি!গুৱাহাটীৰ কুসুমকুঞ্জ নামৰ এটা সংস্থাই এই সুবিধা দি আহিছে ।দৰাচলতে কুসুমকুঞ্জ হৈছে এখন জৈৱিক ফাৰ্ম।ইয়াৰ জৰিয়তে গুৱাহাটীত বাস কৰা মানুহৰ অট্টালিকাত বেলকনিত গাৰ্ডেনিং,ইনডোৰ প্লাণ্টচ্,টেৰেচ গাৰ্ডেনিং হয়।ইনডোৰ প্লাণ্টচ’ৰ ভিতৰত তেওঁলোকে বাছি লৈছে বায়ু পৰিশোধন ক্ষমতা থকা কিছুমান গছপুলি।চলিত বৰ্ষৰ ৫ জুনত আৰম্ভ কৰা এই সংস্থাটোৰ মূল মানুহ দুগৰাকী হৈছে শিখা হাতীবৰুৱা আৰু নিহাৰেন্দ্ৰ শৰ্মা।মহানগৰীৰ হেঙেৰাবাৰীস্থিত নিহাৰেন্দ্ৰ শৰ্মাৰ নিজ গৃহত গছ পুলি ৰোপন কৰিছে যদিও বৰ্তমানে তেওঁলোকৰ প্ৰডাক্টবিলাক বৃদ্ধি পোৱা নাই বুলি জানিবলৈ দিয়ে শিখা হাতীবৰুৱাই।সেয়ে কেইবাখনো নাৰ্ছাৰী লগ হৈ এই কাম কৰি আহিছে।ফেইচবুক পেজ’ত উপলব্ধ কুসুমকুঞ্জৰ ঠিকনা।এতিয়া অনলাইন প্ৰক্ৰিয়াৰে আপুনিও মনে ভবা ধৰণে পচন্দৰ বাগিছা পাতিব পাৰে।ফুলৰ উপৰিও মানিমুনী,পদিনাও যোগান ধৰে ।জানিব পৰা মতে প্ৰয়োজন সাপেক্ষে তেওঁলোকে একো একোজন মালিৰ দ্বাৰা গাৰ্ডেনিঙৰ কাম কৰোৱায়।ভৱিষ্যতে অসমৰ সকলো ঠাইতে গাৰ্ডেনিং কৰাৰ মন মেলিছে।জানিব পৰা মতে ইতিমধ্যে হাজোত মহিলাৰ দল এটাক জৈৱিক সাৰ,কেচুঁসাৰ তৈয়াৰ কৰাৰ প্ৰশিক্ষণ প্ৰদান কৰিছে ।যাৰ দ্বাৰা পৰিৱেশ চাফা হোৱাৰ লগতে মহিলাসকল স্বাৱলম্বীও হৈছে।যিহেতু অসমৰ বাহিৰত জৈৱিক সাৰৰ মূল্য বহুত,গতিকে অসমৰ পৰা উৎপাদিত জৈৱিক সাৰ বাহিৰৰ ঠাইলৈ পঠোৱাৰ এক চেষ্টা চলোৱা হৈছে বুলি জনায় হাতীবৰুৱাই।স্মৰ্তব্য যে অহা ১ জানুৱাৰীত জু-ৰোডত কুসুমকুঞ্জ সংস্থাৰ এটা কাৰ্যালয় মুকলি কৰিব।খবৰ যুগুতালে গীতাঞ্জলি গগৈয়ে।
Trending
- কামৰূপ (ম)ৰ প’লিং বিষয়া আৰু ই ভি এমৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেশ্বন সম্পন্ন
- জৱাহৰ নবোদয় বিদ্যালয়ত কুইজিন-দ্য ব্ৰেইন বুফে
- ঘিলামৰাত ৬৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু শুভাৰম্ভ
- পৰ্যবেক্ষক, প্ৰাৰ্থী-প্ৰতিনিধিৰ সৈতে কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়াৰ গুৰুত্বপূৰ্ণ সভা
- মিচিং জাতীয় সংগঠনৰ বিশ্ব ধৰিত্ৰী দিৱস পালন
- বৰুৱাৰ সংসাৰ প্ৰদৰ্শিত হ’ব ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত
- এয়াৰটেলৰ ৰোমিং পেক উন্মোচন
- কাছাৰত অ গ পৰ সভাপতি নির্বাচনী প্ৰচাৰ
- ধৰিত্ৰী দিৱস আৰু প্ৰকৃতিপ্ৰেমী মঞ্চৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে হাতীৰ খাদ্য উদ্ভিদ ৰোপন কাৰ্যসূচী
- পলাশবাৰীত সাহিত্য সংস্কৃতি বিকাশ গোষ্ঠী “কামৰূপৰ সাধাৰণ সভা