কৃতি ছাত্ৰ ছাত্ৰী শিৱসাগৰ জিলা প্ৰশাসনৰ সম্বৰ্দ্ধনা

0 260

সদ্যঘোষিত ২০২০ বৰ্ষৰ উচ্চ মাধ্যমিক চূড়ান্ত পৰীক্ষাত স্থান লাভ কৰিবলৈ সক্ষম হোৱা শিৱসাগৰ জিলাৰ দুগৰাকী কৃতী ছাত্ৰ-ছাত্ৰী ক্ৰমে ষষ্ঠ স্থান লাভ কৰা ফুলেশ্বৰী ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী হিমাশ্ৰী বৰুৱা আৰু অষ্টম স্থান লাভ কৰা নামতি চাৰিআলি জাতীয় বিদ্যা নিকেতনৰ ছাত্ৰ অন্তৰীক্ষ হাজৰিকাক আজি শিৱসাগৰ জিলা প্ৰশাসনে অনুষ্ঠানিকভাৱে সম্বৰ্দ্ধনা জ্ঞাপন কৰে।
 
 
শিৱসাগৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ চ্যুকাফা সভাকক্ষত অনুষ্ঠিত এক সম্বৰ্দ্ধনা অনুষ্ঠানত সভাপতিত্ব কৰি উপায়ুক্ত লক্ষীনন্দন গগৈয়ে কয় যে, উচ্চ মাধ্যমিক চূড়ান্ত পৰীক্ষাত দুগৰাকী ছাত্ৰ-ছাত্ৰীয়ে জিলাখনলৈ সুনাম কঢ়িয়াই অনাত জিলাবাসীৰ লগতে তেওঁ অতিশয় আনন্দিত আৰু উৎফুল্লিত। তেওঁ দুয়োগৰাকী ছাত্ৰ-ছাত্ৰীকে অভিনন্দন জ্ঞাপন কৰি কয় যে, শীৰ্ষ দহটা স্থানৰ ভিতৰত ষষ্ঠ আৰু অষ্টম স্থান লাভ কৰিবলৈ সক্ষম হোৱাত তেওঁলোকৰ প্ৰচেষ্টাৰ লগতে অভিভাৱক আৰু শিক্ষক-শিক্ষয়িত্ৰী সকলৰ অৱদান অনস্বীকাৰ্য।
 
দুয়োগৰাকী ছাত্ৰ-ছাত্ৰীৰ সাফল্য জিলাখনৰ নতুন প্ৰজন্মৰ বাবে অনুপ্ৰেৰণা যোগাব বুলিও তেওঁ আশা প্ৰকাশ কৰে। যিসকল ছাত্ৰ-ছাত্ৰীয়ে ভাল ফল দেখুৱাবলৈ সক্ষম হোৱা নাই তেওঁলোকৰ উজ্বল ভৱিষ্যতৰ বাবে জিলা শিক্ষা বিষয়াৰ লগত আলোচনা কৰি ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি উপায়ুক্ত গৰাকীয়ে উল্লেখ কৰে। তদুপৰি ৮৩.৯২ শতাংশ উত্তীৰ্ণৰ হাৰেৰে ৰাজ্যখনৰ ভিতৰতে শিৱসাগৰ জিলাই শীৰ্ষ স্থান লাভ কৰিবলৈ সক্ষম হোৱা বাবে উপায়ুক্ত গৰাকীয়ে বিদ্যালয় সমূহৰ পৰিদৰ্শকৰ লগতে সমূহ শিক্ষক-শিক্ষয়িত্ৰীকে অভিনন্দন জ্ঞাপন কৰে।
 
এই সম্বৰ্দ্ধনা অনুষ্ঠানত জিলা উন্নয়ণ আয়ুক্ত আল আজহাৰ আলিয়ে সভাৰ উদ্দেশ্য বাখ্যা কৰে।শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ সৌমাৰ জ্যোতি মহন্ত, গড়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ সব্যসাচী মহন্ত, সদৌ অসম ছাত্র সন্থাৰ শিক্ষা সম্পাদক শৰৎ হাজৰিকাকে আদি কৰি ভালেসংখ্যক বিদ্যালয়ৰ অধ্যক্ষ সকলে তেওঁলোকৰ বক্তব্যত কৃতী ছাত্ৰ-ছাত্ৰী দুগৰাকীক অভিনন্দন জনোৱাৰ লগতে দুয়োৰে উজ্জ্বল ভৱিষ্যতৰ কামনা কৰি বিভিন্ন দিহা পৰামৰ্শ প্ৰদান কৰে।
 
সম্বৰ্দ্ধনা অনুষ্ঠানত উপস্থিত থাকি জিলাখনৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক আব্দুল জেলিলে দুয়োগৰাকী স্থানপ্ৰাপ্ত ছাত্ৰ-ছাত্ৰীক অভিনন্দন জনায়। তেওঁ জিলাখনৰ এই উত্তীৰ্ণৰ হাৰৰ ধাৰাবাহিকতা ৰক্ষাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলৰ অধিক উদ্যমেৰে উৎকৰ্ষ সাধন আৰু শিক্ষা প্ৰদানৰ ক্ষেত্ৰত মনোনিবেশ কৰিবৰ কাৰণে শিক্ষক সকলৰ প্ৰতি আহ্বান জনায়।
 
সভাত অতিৰিক্ত উপায়ুক্ত দ্বয় ক্ৰমে মুন গগৈ আৰু বিদিত দাস, নিৰ্বাচনী বিষয়া পংকজ বড়া, সহকাৰী আয়ুক্তদ্বয় গৌৰীপ্ৰিয়া দেউৰী আৰু মনালী প্ৰসাদ ৰজকৰ লগতে জিলাখনৰ বহু কেইখন মহাবিদ্যালয় আৰু বিদ্যালয়ৰ অধ্যক্ষসকল উপস্থিত থাকে।
খবৰ যুগুতালে শিৱসাগৰৰ পৰা দিলিস্তান খানে..

Leave A Reply

Your email address will not be published.