কৃষক মেলা অনুষ্ঠিত

0 226

আজাৰা কাঁহিকুছিস্থিত অসম কৃষি বিশ্ববিদ্যালয় চৌহদত আজিৰ পৰা দুদিনীয়াকৈ আৰম্ভ হৈছে কৃষক মেলা আৰু প্রথম মাশ্বৰুম দিৱস।কামৰূপ জিলা কৃষি বিভাগৰ উদ্যোগত আৰু কৃষি বিজ্ঞান কেন্দ্র কামৰূপৰ সহযোগত আয়োজিত কৃষক মেলাখন আজি উদ্বোধন কৰে গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজাই।এই উপলক্ষে আয়োজিত সভাত অংশগ্রহণ কৰি কুইন ওজাই কয় যে কৰ্ম সংস্কৃতি ন’হলে দেশৰ উন্নতি নহয়।খেতিয়ক সকলৰ প্ৰধান সমস্যা হৈছে উপযুক্ত বজাৰ।কৃষক সকলে উৎপাদিত সামগ্ৰী যাতে উপযুক্ত মূল্যত বিক্ৰী কৰিব পাৰে তাৰ বাবে চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে।কৃষিজাত সামগ্রীৰ উৎপাদন বৃদ্ধিৰ বাবে চৰকাৰে হাতত লোৱা আঁচনিসমূহ গ্ৰহণ কৰিবলৈ কৃষক সকলক সাংসদ কুইন ওজাই আহ্বান জনায়।অনুষ্ঠানত কামৰূপ জিলাৰ উপায়ুক্ত কমল কুমাৰ বৈশ্য,কাঁহিকুছি কৃষি বিজ্ঞান কেন্দ্রৰ মুখ্য বিজ্ঞানী ড০ ধীৰেন্দ্ৰ নাথ কলিতা,ড০ এ তে ত্ৰিপাঠী,ড০ পি কে পাঠক,ইউছুফ আলী প্ৰমুখ্যে বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে।আনহাতে প্ৰথম মাশ্বৰুম দিৱস উপলক্ষে আয়োজন কৰা বিভিন্ন প্ৰতিযোগিতাৰ ফলাফল সমূহ ঘোষণা কৰাৰ লগতে বিজয়ী প্ৰতিযোগী সকলক বঁটা সমূহ প্ৰদান কৰী হয়।কৃষক মেলাত চৰকাৰৰ বিভিন্ন বিভাগ আৰু আত্মসহায়ক গোটসমূহে প্ৰস্তুত কৰা বিভিন্ন সামগ্রীৰ প্ৰদৰ্শন আৰু বিক্রী কৰা হয়।

Leave A Reply

Your email address will not be published.