কৃষি আৰু কৃষি কল্যাণ ৰাজ্যিক মন্ত্ৰী পৰষোত্তম ৰূপালাৰ সৈতে কৃষি বিভাগৰ বৈঠক

0 421

খানাপাৰা প্রশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত কৃষি বিভাগৰ এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছে।এই বৈঠকত উপস্থিত থাকে কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ ৰাজ্যিক মন্ত্ৰী পৰষোত্তম ৰূপালা।বৈঠকত কেন্দ্রীয় চৰকাৰৰ আঁচনিসমূহ কাৰ্যকৰীকৰণৰ সন্দৰ্ভত আলোচনা কৰা হৈছে।ইয়াৰ উপৰিও এই আঁচনিসমূহৰ দ্বাৰা জনসাধাৰণ লাভাম্বিত হৈছে নে নাই সেই সন্দৰ্ভতো আলোচনা হয়।
মন্ত্ৰীগৰাকীয়ে প্রধানমন্ত্রী ফচল বীমা যোজনা,কৃষক সন্মান যোজনা সন্দৰ্ভতো দৃষ্টিপাত কৰিছে।কৃষি আৰু কৃষক কল্যাণ বিভাগৰ ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে এই বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে।প্ৰধানমন্ত্ৰীৰ ফচল বীমা যোজনা কৃষকৰ লোকচান হ্রাস কৰিবৰ বাবেই অনা হৈছে।উত্তৰ পূবত এই আঁচনিখন সঠিকভাৱে ৰূপায়ণ হোৱা নাছিল।
কৃষক ফচল বীমা যোজনা আঁচনিখন এতিয়াৰে পৰা ৯০:১০ অনুপাতত প্রযোজ্য হ’ব।সকলো কৃষকক সজাগ কৰি এই যোজনাৰ অধীনলৈ সকলো কৃষকক অনাৰ বাবে কৃষি বিভাগলৈ আহ্বান জনাইছে মন্ত্ৰীগৰাকীয়ে।

Leave A Reply

Your email address will not be published.