কৃষ্ণকান্ত সন্দিকৈ চৰকাৰী সংস্কৃত মহাবিদ্যালয়ত কেন্দ্ৰীয় সংস্কৃত দিৱস উদযাপন

0 224

গুৱাহাটী মহানগৰীৰ জালুবাৰিস্থিত কৃষ্ণকান্ত সন্দিকৈ চৰকাৰী সংস্কৃত মহাবিদ্যালয়ত অসম উচ্চ সংগীত বিদ্যালয় সন্মিলনৰ উদ্যোগত সদৌ অসম সংস্কৃত ছাত্ৰ সন্থা,অসম আৰু সংস্কৃত সাহিত্য সভাৰ সহযোগত আজি কেন্দ্ৰীয় ভাবে সংস্কৃত দিৱসৰ অনুষ্ঠান অনুষ্ঠিত হয় । বন্তি প্ৰজ্বলন তথা বেদ মন্ত্ৰৰে আৰম্ভণি হোৱা অনুষ্ঠানত অসমৰ ৪ গৰাকীকৈ সংস্কৃত ক্ৰমে ড০ নিতীশ শৰ্মা, বিশিষ্ট সংস্কৃত পণ্ডিত, অমৃত দাস, বিশিষ্ট শিক্ষাবিদ, মিনতী গোস্বামী আৰু ফুলেন শৰ্মা, বিশিষ্ট জ্যোতিষবিদক বিশেষভাৱে অভিনন্দন জনোৱা হয়। নলবাৰী বিধানসভা সমষ্টিৰ বিধায়ক, মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তথা অসম সংস্কৃত সাহিত্য সভাৰ কাৰ্যকৰী সভাপতি জয়ন্ত মল্ল বৰুৱাই উপস্থিত থাকি সংস্কৃত প্ৰচাৰৰ বাবে কাম কৰিম কিন্তু ইয়াৰ গুৰুদায়িত্ব বহন কৰিব লাগিব কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ে। কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ে সংস্কৃতৰ ক্ষেত্ৰত শৈক্ষিক দিশত কাম কৰিব আৰু মই সংস্কৃত ভাষাটো আগবঢ়াই নিয়াত ৰাজনৈতিক তথা প্ৰশাসনিক কাম কৰি যাম। সংস্কৃত টোলসমূহ বন্ধ কৰিবৰ মন নাছিল আমাৰ, আমি ইয়াক চিৰকাললৈ জীবিত কৰি ৰখাৰ চিন্তা চৰ্চা আছে। কিন্তু যদি সংস্কৃত টোলসমূহে সংস্কৃতৰ ছাত্ৰ ছাত্ৰীয়ে সৃষ্টি কৰিব নোৱাৰে, তেনেহলে তাৰ বাবে দায়ী কোন ? আমি টোলসমূহে প্ৰাদেশিকীকৰণ, চাকৰি নিয়মীয়াকৰণৰ, পদ পূৰণৰ কথাতে লাগি আছো
কিন্তু সৰ্বমুঠ ২৯৭ জন যি সংস্কৃত টোলৰ শিক্ষক আছে, সেইসকল শিক্ষকে প্ৰতিবছৰে ২৯৭ বা ৩০০ জন শাস্ত্ৰী পাছ কৰা ছাত্ৰ ছাত্ৰী উলিয়াব পৰা নাই কিয় ? এইক্ষেত্ৰত আমি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব লাগিব। সংস্কৃত ভাষাৰ উন্নয়নৰ হয়তো পৰবৰ্তী কালত চৰকাৰে পূৰ্বতকৈও দৃঢ় পদক্ষেপ লব। তাৰ ক্ষেত্ৰত সংস্কৃত ভাষাৰ উন্নয়নৰ বাবে নিজৰ ত্যাগ কৰিব লগীয়া থাকিলে ত্যাগ কৰিব লাগিব বা গ্ৰহণ কৰিব লাগিব। কেৱল নিজৰ কথা ভাবিলে নহব ছাত্ৰ- ছাত্ৰীসকলৰ ভৱিষ্যতৰ কথা চিন্তা কৰিব লাগিব বুলি ভাষণ প্ৰসঙ্গত উল্লেখ কৰে। সভাত কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালযৰ, উপাচাৰ্য্য ড০ দীপক কুমাৰ শৰ্মাই উপস্থিত সংস্কৃত ভাষাত উৎকৰ্ষ সাধনৰ বাবে আমি সকলোৱে কাম কৰিব লাগিব। বৰ্তমান সংস্কৃত শিক্ষাৰ বাবে ছাত্ৰ- ছাত্ৰীৰ অনীহাৰ কাৰণ সমূহ বিচাৰি উলিয়াব লাগিব। কিয়নো সংস্কৃত ভাষাৰ প্ৰতি সৃষ্টি হোৱা অনিহা আমাৰ বাবে বিপদজনক। আমি আমাৰ ছাত্ৰ-ছাত্ৰী সকলেহে সংস্কৃত ভাষাটো জীয়াই ৰাখিব লাগিব। অনুষ্ঠানত পলাশবাৰী বিধানসভা সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াই কয় মই যদিও সংস্কৃত ভাষাটো ভালদৰে নাজানো কিন্তু তথাপি বিধায়ক হিচাপে মই মোৰ সমষ্টিত সংস্কৃত যি দেৱভাষা তাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে কাম কৰি যাম। লগতে মোৰ সমষ্টিৰ ছাত্ৰ ছাত্ৰীসকলক সংস্কৃত ভাষাৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ পদক্ষেপ গ্ৰহণ কৰিম বুলি ভাষণত উল্লেখ কৰে।অনুষ্ঠানত অসম সংস্কৃত সাহিত্য সভাৰ সভানেত্ৰী তথা অসম সাহিত্য সভাৰ উপ-সভানেত্ৰী মৃনালীনি দেৱী, কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালযৰ পৰীক্ষা নিয়ন্ত্ৰক ড০ সুশান্ত কুমাৰ কাশ্যপ, অসম সাংস্কৃতিক মহাসভাৰ সভাপতি পবিত্ৰ কুমাৰ শৰ্মা আৰু কৃষ্ণকান্ত সন্দিকৈ চৰকাৰী সংস্কৃত মহাবিদ্যালয়ৰ অধ্যক্ষা ড০ বিনীতা ভাগৱতীৰ লগতে বহুকেইজন বিশিষ্ট লোক উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.