কেদাৰনাথৰ দেশভক্তি

0 248

সচৰাচৰ গণতন্ত্ৰ দিৱসৰ দিনা অথবা স্বাধীনতা দিৱসৰ প্ৰাক ক্ষণত ৰাষ্ট্ৰীয় পতাকাৰ আদৰ বাঢ়ে। কোনোৱে দেশপ্ৰেমত আৰু কোনোৱে দেখুৱাবৰ বাবেহে এই বিশেষ দিনকেইটাত ৰাষ্ট্ৰীয় পতাকা আৰি লয়। আজি এনে এজন ব্যক্তিৰ কথা জনাবলৈ বিচাৰিছো, যি জন ব্যক্তিয়ে নিস্বাৰ্থভাৱে বহুদিন ধৰি ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি আহিছে। ঝাৰখণ্ডৰ কেদাৰনাথ নামৰ ব্যক্তিজনে সম্পূৰ্ণ নীতি নিয়ম পালন কৰি ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি আহিছে। উল্লেখযোগ্য যে ঝাৰখণ্ডৰ ভীমৰাও আম্বেদকাৰ চক আৰু উপায়ুক্ত কাৰ্য্যালয়ৰ সমীপত পতাকা উত্তোলন কৰি আহিছে। কেদাৰনাথ বৃত্তিত এজন টাইপিষ্ট। স্কুলত পঢ়ি থকা সময়তে দেশপ্ৰেমৰ মন্ত্ৰৰে উদ্বুদ্ধ হৈছিল। কেদাৰনাথ এনে দেশ ভক্তি দেখি বহুতো শিশু উদ্বুদ্ধ হৈ অনুকৰণ কৰিছে। সেয়েহে আজি কালি পতাকা উত্তোলনৰ সময়ত বেলেগ মানুহ নাথাকিলেও শিশু সকলে সংগ দিয়ে। কেদাৰনাথৰ এনে দেশ ভক্তিৰ বাবে চ’চিয়েল মেডিয়াত চৰ্চিত হৈ পৰিছে।

Leave A Reply

Your email address will not be published.