কেন্দ্ৰীয় চৰকাৰে ৰেল যাত্ৰীলৈ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে

0 268

১মে’ৰ পৰা দেশৰ বিভিন্ন প্ৰান্তৰ পৰা চলাচল আৰম্ভ কৰা শ্ৰমিক স্পেচিয়েল ৰেলসমূহ সংশ্লিষ্ট ৰাজ্য চৰকাৰ সমূহৰ অনুৰোধমৰ্মে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে জাৰি কৰা নিৰ্দেশনাৱলী অনুসাৰে অবিৰতভাৱে চলাচল কৰি আহিছে। কেৱল ৰাজ্য চৰকাৰৰ দ্বাৰা তালিকাভুক্ত কৰা যাত্ৰী সকলকহে ষ্টেচনলৈ অনা হৈছে আৰু সেইসমূহ যাত্ৰীয়েহে কেৱল শ্ৰমিক স্পেচিয়েল ৰে’লেৰে যাত্ৰা কৰিব পাৰিব।
 
শ্ৰমিক স্পেচিয়েল ৰেলসমূহত যাত্ৰা কৰা যাত্ৰী সকলে নিজ নিজ ঘৰলৈ অহা যোৱা কৰাৰ সময়ছোৱাত যাতে কোনোধৰণৰ সমস্যাৰ সন্মুখীন নহয় তাৰ বাবে শ্ৰমিক স্পেচিয়েল ৰে’ল সমূহত পৰ্যাপ্ত পৰিমাণৰ আহাৰ আৰু খোৱাপানীৰ যোগান ধৰি অহা হৈছে। উত্তৰ পূৱ সীমান্ত ৰে’লৱেৰ অধিক্ষেত্ৰৰ অধীনৰ ষ্টেচন সমূহত এই শ্ৰমিক এক্সপ্ৰেছ ৰেল সমূহ আগমন কৰাৰ লগে লগে উত্তৰ পূৱৰ বিভিন্ন ৰাজ্যৰ বিভিন্ন স্থানলৈ পৰৱৰ্তী যাত্ৰাৰ বাবেও আহাৰ আৰু খোৱাপানীৰ যোগান ধৰা নিশ্চিত কৰা হৈছে।
বিগত ৭মে’ৰ পৰা ১৪মে’ পৰ্যন্ত বিভিন্ন স্থানৰ পৰা শ্ৰমিক স্পেচিয়েল ৰে’লেৰে অহা যাত্ৰীসকলক সৰ্বমুঠ ৫৮৫৪০২ সংখ্যক আহাৰৰ যোগান ধৰি অহা হৈছে। উত্তৰ পূৱ সীমান্ত ৰে’লৱেৰ এলেকাত দৈনিক ১৫০০০ৰো অধিক সংখ্যক আহাৰৰ যোগান ধৰা হৈছে শ্ৰমিক স্পেচিয়েল ৰে’ল সমূহত যাত্ৰা কৰা যাত্ৰী সকলক। শ্ৰমিকসকলৰ বাবে সাধাৰণভাৱে প্ৰস্তুত কৰা স্বাস্থ্যসন্মত খাদ্যৰহে যোগান ধৰা হৈছে । যিবোৰ ষ্টেচনত আহাৰ যোগান ধৰাৰ বাবে সম্ভৱপৰ সুবিধা থাকে সেইসমূহ ষ্টেচনতহে খাদ্যৰ যোগান ধৰি অহা হৈছে।
উল্লেখযোগ্য যে শ্ৰমিক স্পেচিয়েল ৰেল সমূহত সঠিক আৰু উপযুক্ত আহাৰ যোগানৰ সম্পূৰ্ণ নিৰীক্ষণ কৰা হৈছে। যাতে যাত্ৰী সকলক প্ৰদান কৰা সকলো খাদ্যতেই উপযুক্ত মানৱ শক্তি যথেষ্ট পৰিমাণে থাকে। লগতে ৰে’লযাত্ৰী সমূহক আহাৰ যোগান ধৰাৰ সময়ত ক’ভিড১৯ৰ সমস্ত প্ৰট’ক’ল পালন কৰিছে কৰ্তৃপক্ষই। আনহাতে আহাৰ যোগান ধৰাৰ উপৰিও ৰেলৰ শৌচাগাৰ সমূহো পৰিষ্কাৰ কৰি ৰখা হৈছে। সমান্তৰালভাৱে পানীৰো সু ব্যৱস্থা কৰা হৈছে যাতে যাত্ৰী সকলে পানীৰ কোনোধৰণৰ অসুবিধা নাপায়।

Leave A Reply

Your email address will not be published.