কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে ঘোষণা কৰা পেকেজত কি কি আছে

0 298

দেশৰ কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি এখন সংবাদমেল সম্বোধন কৰে। কালি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ইতিমধ্যে তেখেতৰ ভিজন সমগ্ৰ দেশবাসীৰ সন্মুখত ঘোষণা কৰিছিল। এখন সম্পূৰ্ণৰূপে আত্ম নিৰ্ভৰশীল তথা সমগ্ৰ দেশৰ বিকাশৰ বাবে প্ৰধানমন্ত্ৰীয়ে এটা বৃহৎ পেকেজৰ ঘোষণা কৰিছে। দেশখনৰ অৰ্থনৈতিক দিশৰ লগতে আন্তঃগাথনি আৰু প্ৰযুক্তিবিদ্যাৰ ওপৰত ভিত্তি কৰি কালি প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰা পেকেজ সম্পৰ্কত আজি দেশৰ কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সম্বোধন কৰে এই সংবাদমেল খনৰ।
 
আজিৰ এই সংবাদমেলখনত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কয় যে আন্তঃগাঁথনি প্ৰণালী, প্ৰযুক্তিবিদ্যাৰ তথা অৰ্থনৈতিকভাৱে সমগ্ৰ দেশক আগুৱাই নিবলৈ তথা দেশখনক আত্মনিৰ্ভৰশীল হ’ব পৰাকৈ সহায় কৰিবলৈ ঘোষণা কৰা হৈছিল এই পেকেজৰ। দেশত যিসমূহ লোকেল ব্ৰেণ্ড আছে সেইসমূহক গ্ল’বেল ব্ৰেণ্ডলৈ পৰিৱৰ্তিত কৰাৰ কাৰণে এই বৃহৎ পেকেজৰ ঘোষণা কৰা হয়।
 
সমান্তৰালভাৱে শ্ৰমিক শ্ৰেণীৰ শ্ৰমৰ সমতাৰ ওপৰত গুৰুত্ব দিয়া হৈছে। এই আচনিৰ পৰা দেশৰ দৰিদ্ৰ লোকসকলে পোনপটীয়াকৈ সহায় লাভ কৰিব। সমান্তৰালভাৱে নৱ ভাৰতক চৰকাৰে আত্ম নিৰ্ভৰশীল ভাৰত হিচাপে গঢ়ি তোলাৰ প্ৰচেষ্টা চলাইছে।
 
উল্লেখ্য যে ইতিপূৰ্বে সমগ্ৰ দেশতে যিসমূহ আঁচনি চলি আছে সেই সকলোবোৰ বিভিন্ন আঁচনিৰ দ্বাৰা সকলো ভাৰতীয়ই কালি ঘোষিত হোৱা পেকেজৰ জৰিয়তে সুবিধা লাভ কৰিব। দেশৰ বৈদ্যুতিক খণ্ডৰ লগতে আন আন ক্ষেত্ৰ সমূহত ইতিমধ্যে সমগ্ৰ দেশেই আত্ম নিৰ্ভৰশীল হৈ উঠিছে।
 
 
আজিৰ সংবাদমেল খনক সম্বোধন কৰে কেন্দ্ৰীয় ৰাজ্যিক বিত্তমন্ত্ৰী অনুৰাগ ঠাকুৰে। উল্লেখ্য যে বৰ্তমান সময়ত কোভিড-১৯য়ে সমগ্ৰ বিশ্বৰ লগতে সমগ্ৰ দেশতে চলাই থকা সন্ত্ৰাসৰ সময়তে দেশৰ চিকিৎসাৰ ক্ষেত্ৰ খনত ঔষধ কোম্পানীয়ে ইতিমধ্যে লাভৰ সন্মুখীন হৈছে।
 
 
আনহাতে ভাৰতত পিপিই কীটৰ লগতে প্ৰস্তুত হৈ আছে বিভিন্ন ঔষধৰ।দেশৰ দৰিদ্ৰ লোক সকলৰ কল্যাণৰ হকে এই লকডাউনৰ সময়চোৱাতো কেন্দ্ৰীয় চৰকাৰে বহুকেইটা আঁচনিৰ ইতিমধ্যে ঘোষণা কৰিছে। এই পেকেজ সমূহ বিভিন্ন ক্ষেত্ৰত ঘোষণা কৰা হ’ব ডিমাণ্ড আৰু চাপ্লাই চেলৰ ওপৰত নিৰ্ভৰ কৰি। অৰ্থনীতি, নিৰ্মাণ কাৰ্য আৰু যুৱশক্তিৰ ওপৰত নিৰ্ভৰ কৰি এই পেকেজৰ ঘোষণা কৰা হৈছে। সমগ্ৰ দেশৰ কাৰণে এইখিনি সময় বৰ্তমান এক মহা সংকটৰ সময়। সেয়েহে এই মহা সংকটৰ সময়ত দেশৰ দৰিদ্ৰ লোক সকলৰ কল্যাণৰ হকে ডাঙৰ সিদ্ধান্ত প্ৰধানমন্ত্ৰীয়ে ল’ব বুলি কয়।

বৰ্তমান সময়ত সমগ্ৰ দেশতে চলি থকা লকডাউনৰ সময়ত সমগ্ৰ দেশতে ১৮ হেজাৰ কোটি টকাৰ খাদ্য সামগ্ৰী বিতৰণ কৰা হৈছে। কোনোধৰণৰ প্ৰক্ৰিয়া নথকাকৈ দেশৰ সকলো উদ্যোগে তিনিলাখ কোটি টকাৰ ঋণ লাভ কৰিব। আঠ কোটি হিতাধিকাৰীক উজ্বলা যোজনাৰ অধীনত তিনিমাহৰ বাবে ইতিমধ্যে বিনামূলীয়া চিলিণ্ডাৰৰ ব্যৱস্থা কৰা হৈছে। ঋণ পৰিশোধ নকৰাকৈ কুটীৰ আৰু লঘু উদ্যোগ সমূহেও লাভ কৰিব এই ঋণৰ সুবিধা।
 
আনহাতে অৰ্থৰ অভাৱত নিজৰ কাম বিস্তাৰ কৰিব নোৱাৰা উদ্যোগ সমূহৰ কাৰণেও কেন্দ্ৰৰ ফালৰ পৰা মুকলি কৰা ৫০হাজাৰ কোটি টকাৰ ঋণ। সমান্তৰালভাৱে সংকটপূৰ্ণ হৈ থকা উদ্যোগসমূহলৈও কেন্দ্ৰীয় বিত্ত বিভাগে ২০ হেজাৰ কোটি টকা মুকলি কৰি দিছে।দেশৰ ১৫ হেজাৰতকৈ কম দৰমহা পোৱা সকলো কৰ্মচাৰীলৈ ভাল খবৰ দিয়াৰ লগতে সমগ্ৰ দেশৰ কুটীৰ আৰু লঘু উদ্যোগলৈ আগবঢ়াইছে তিনি লাখ কোটি টকাৰ ঋণ। 
 
সংবাদমেলখনত কেন্দ্ৰীয় বিত্ত মন্ত্ৰী গৰাকীয়ে কয় যে সমগ্ৰ দেশতে চলি থকা এই সংকটপূৰ্ণ সময়ছোৱাত ডাঙৰ সিদ্ধান্ত ল’ব পৰা সকলো ধৰণৰ ক্ষমতা কেৱল দেশৰ প্ৰধানমন্ত্ৰী গৰাকীৰহে আছে।আনহাতে দেশ খনৰ ক্ষুদ্ৰ আৰু কুটীৰ শিল্পী সমূহক ডিজিটেলাইজেশ্যন কৰাৰো কথা উল্লেখ কৰিছে কেন্দ্ৰীয় বিত্তমন্ত্ৰী গৰাকীয়ে। আনহাতে কৰ্মচাৰী সকলে পাবলগীয়া ইপিএফৰ ক্ষেত্ৰতো সংবাদমেলত কেন্দ্ৰীয় বিত্তমন্ত্ৰী গৰাকীয়ে ডাঙৰ ঘোষণা কৰে। চলিত বৰ্ষৰ জুন, জুলাই আৰু আগষ্ট মাহটো যিসকল কৰ্মচাৰীয়ে ১৫ হেজাৰতকৈ কম দৰমহা পাই তেওলোকক কেন্দ্ৰ চৰকাৰৰ তৰফৰ পৰা ১২ শতাংশকৈ আৰু তেওঁলোকৰ কৰ্ম প্ৰতিষ্ঠানে ১২ শতাংশকৈ ইপিএফ প্ৰদান কৰিব বুলি ঘোষণা কৰে লগতে কৰ্মচাৰীসকলে পাব লগা ২৪ শতাংশ পিএফ চৰকাৰে প্ৰদান কৰিব বুলি কয়। ইয়াৰ বাবে চৰকাৰৰ ৬৪৭০ কোটি টকা খৰচ হ’ব। আনহাতে সমান্তৰালভাৱে চৰকাৰে প্ৰদান কৰিবলৈ ঘোষণা কৰা এই ইপিএফক লৈ প্ৰায় ২৫ হেজাৰ কোটি টকা খৰচ হ’ব।

Leave A Reply

Your email address will not be published.