কেবিনেটৰ বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধান্ত

0 284

মহানগৰীৰ খানাপাৰাস্থিত অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত সোমবাৰে এখন কেবিনেট পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত ৰাজ্যৰ শিক্ষা আৰু উদ্যোগখণ্ডৰ ওপৰত কেতবোৰ ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰে।
 
উল্লেখযোগ্য যে ক’ৰণা মহামাৰীৰ বাবে হোৱা বৃহৎ সংক্ৰমণৰ ফলত সমগ্ৰ ৰাজ্যজুৰি লকডাউন দিয়া হৈছিল। আনহাতে মহানগৰীত ভয়ংকৰভাৱে বৃদ্ধি পোৱা গণ সংক্ৰমণৰ ফলত আজিৰ পৰা পুনৰ ১৪দিনৰ বাবে মহানগৰীত লকডাউন ঘোষণা কৰা হৈছে।
 
লকডাউনৰ ফলত মাৰ্চ মাহৰ পৰা সমগ্ৰ ৰাজ্যজুৰি বিদ্যালয় মহাবিদ্যালয় সমূহ বন্ধ হৈ আছে৷ শিক্ষাৰ্থী সকলৰ শিক্ষা ব্যৱস্থাত যাতে কোনোধৰণৰ বাধা আহি নপৰে তাৰ বাবে অনলাইন ক্লাছ অব্যাহত আছে। অনলাইন প্ৰক্ৰিয়া চলি আছে যদিও অধ্যয়নৰ ক্ষেত্ৰত পাঠদান বৰ বিশেষ আগবঢ়া নাই।

এনেধৰণৰ সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কেবিনেট পৰ্যায়ৰ বৈঠক অনুষ্ঠিত কৰে। এই বৈঠকত শিক্ষাবৰ্ষ সলনিৰ সম্পৰ্কত সিদ্ধান্ত গ্ৰহণ কৰে। বৈঠকত হোৱা সিদ্ধান্ত মৰ্মে ১ এপ্ৰিলৰ পৰা ৩১ মাৰ্চলৈ নতুন শৈক্ষিক বৰ্ষ  হ’ব।

Leave A Reply

Your email address will not be published.