কেৰালা আন্তৰ্জাতিক চলচ্চিত্ৰ বেলকনিত ভগৱান

0 213

কেৰালা আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱলৈ ভাৰতীয় চিনেমা বৰ্তমান প্ৰতিযোগিতা শাখাৰ বাবে আমন্ত্ৰিত হৈছে অসমীয়া কথাছবি বেলকনিত ভগৱান।উল্লেখযোগ্য যে ২৫ সংখ্যাক কেৰালা আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱ অহা ১০ ফেব্ৰুৱাৰীৰ পৰা ৫ মার্চলৈ ২৪ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব। দেশ-বিদেশৰ দুই শতাধিক কথাছবি উক্ত মহোৎসৱত প্ৰদৰ্শিত হ’ব।বেলকনিত ভগৱান চাৰিবাৰ প্ৰদৰ্শিত হ’ব। মাইনা প্ৰডাকচনৰ বেনাৰত নিৰ্মিত চলচ্চিত্ৰ খনৰ প্ৰযোজনা কৰিছে জেতুকা পাতৰ দৰে কথাছবিৰ দ্বাৰা ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত নুৰুল চুলতানে আৰু পৰিচালনা কৰিছে বিশ্বজিৎ বৰাই।
ইতিপূৰ্বে ২৬ সংখ্যাক কলকাতা আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱ ১৯ সংখ্যাক ঢাকা আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱ, টৰন্টোৰ অলটানেটিভ ফিল্ম ফেষ্টিভেল ২০২০ ত শ্ৰেষ্ঠ ড্ৰামা কথাছবি আৰু শ্ৰেষ্ঠ কাহিনী ,চিত্ৰনাট্য শাখাৰ বাবে মনোনয়ন, নিৰ্বাচিত হৈ চৰ্চা লাভ কৰা বেলকনিত ভগৱানৰ সফল যাত্ৰাই সকলোলৈকে কঢ়িয়াই আনিছে আনন্দৰ বতৰা।
চলচ্চিত্ৰখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে বলিউডৰ খ্যাতনামা অভিনেতা হৰিশ খান্নাৰ উপৰি প্ৰণামী বৰা,জিনা চুলতানা ,অৰুণ হাজৰিকা, ৰাজীৱ ক্ৰ আদিয়ে।কৃষিমন্ত্ৰী অতুল বৰাও ছবিখনত এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। বহুলভাৱে চৰ্চিত বেলকনিত ভগৱান চলিত বছৰৰ শেষৰ ভাগলৈ দৰ্শকৰ বাবে মুক্তি দিয়া হ’ব বুলি প্ৰযোজকে জনাইছে।

Leave A Reply

Your email address will not be published.