ক`ৰণাত আক্ৰান্ত পৰিয়ালক সাহাৰ্য্য প্ৰদান কৰিলে

0 299

লখিমপুৰ জিলাৰ ঢকুৱাখনা মহকুমাৰ ঢকুৱাখনা ৰাজহ চক্ৰ বিষয়া কাৰ্য্যালয়ৰ অন্তৰ্গত ৬ টা দুখীয়া পৰিয়ালৰ আজি মহকুমা প্ৰশাসনৰ তৰফৰ পৰা খাদ্য সামগ্ৰী যোগান ধৰা হয়। উল্লেখযোগ্য যে এই ৬ টা পৰিয়ালে ক’ৰনাত আক্ৰান্ত হৈ আছে।ৰাজহ চক্ৰটোৰ অন্তৰ্গত গুৱাল গাঁও , দেউলিয়া গাঁও ,দীঘলা গাঁও আদিত “হোম কোৱাৰেন্টাইনত” হৈ থকা আক্ৰান্ত পৰিয়াল সমূহৰ মাজত চাউল ,দাইল, মিঠাতেল, নিমখ , পিয়াঁজ, আলু , ছয়াবিন, গা ধোৱা আৰু কাপোৰ ধুৱা চাবোন , চেনিটাইজাৰ ,মাস্ক আদি বিনামূলীয়া ভাবে যোগান ধৰা হয়। চক্ৰটোৰ কাননগুহ জিতেন গগৈ , লাট মণ্ডল মৃণাল শইকীয়া, গাওঁবুঢ়া পৰেশ চুতীয়া আদিৰ নেতৃত্বত যোৱা দলটোৱে দৰিদ্ৰ “হোম কোৱাৰেণ্টাইনত আবদ্ধ হৈ থকা পৰিয়াল সমূহৰ মাজত ক’ভিড বিধি মানি খাদ্য সম্ভাৰ বিতৰণ কৰে। দলটোৱে আক্ৰান্ত পৰিয়াল সমূহক স্বাস্থ্য সজাগতা বিধি পালন কৰি নিজৰ লগতে পৰিয়ালৰ অন্যান্য সকলকো সুৰক্ষিত কৰি ৰখাৰ পৰামৰ্শ প্ৰদান কৰে।
খবৰ যুগুতালে ঢকুৱাখনাৰ পৰা অমৃত পৱন বৰাই

Leave A Reply

Your email address will not be published.