ক’ৰণা ভাইৰাছৰ আতংকৰ মাজতে কাজিৰঙাত দৃশ্যগ্ৰহণ কৰিলে কেভিন পিটাৰছনে

0 274

সমগ্ৰ দেশতে এতিয়া ক’ৰণা ভাইৰাচৰ আতংক ৷ ক’ৰণা ভাইৰাচৰ আতংকৰ পৰা সাৰি যোৱা নাই কাজিৰঙা ৷ যিহেতু বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এতিয়া বিদেশী পৰ্যটকৰ ভিৰ ৷ ক’ৰণা ভাইৰাচ ৰোধৰ বাবে বোকাখাত মহকুমা প্ৰশাসনে বিশেষ সতৰ্কতামুলক ব্যৱস্থা গ্ৰহণ কৰিছে৷
 
 
 
 
এই কৰ’ণা ভাইৰাচৰ আতংক চলি থকাৰ মাজতে কাজিৰঙাত উপস্থিত হৈছে ইংলেণ্ডৰ ক্ৰিকেটাৰ কেভিন পিটাৰচন ৷ যোৱা ৪ মাৰ্চৰ সন্ধিয়া কাজিৰঙাৰ কহঁৰাত উপস্থিত হৈ বৰগছ ৰিজৰ্টত বাহৰ পাতি যোৱা দুটা দিন কাজিৰঙা নৈসৰ্গিক সৌন্দৰ্য উপভোগ কৰাৰ পাছত আজি পুৱাৰে পৰা গঁড় সংৰক্ষণৰ ওপৰত নিৰ্মিত এখন তথ্যচিত্ৰৰ চিত্ৰগ্ৰহণটো অংশ লয় ইংলেণ্ডৰ ক্ৰিকেটাৰগৰাকীয়ে৷
 
 
 
আজি পুৱাৰ ভাগত বোকাখাতৰ সাপজুৰিৰ ডিফলুপথাৰ হাইস্কুলত ক্ৰিকেটাৰ কেভিন পিটাৰচনে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী সৈতে মতবিনিময় কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীৰ সৈতে ক্ৰিকেট খেলে ৷ ইয়াৰ মাজতে বিদ্যালয়খনত গঁড় সংৰক্ষণৰ ওপৰত নিৰ্মিত তথ্যচিত্ৰৰো চিত্ৰগ্ৰহণত অংশ লয় ৷ বিয়লি বোকাখাতৰ পানবাৰীৰ বন্যপ্ৰাণী উদ্ধাৰ সংৰক্ষণ আৰু পুনৰ সংস্থাপন কেন্দ্ৰটোত থকা বন্যপ্ৰাণী সমূহ পৰিদৰ্শন কৰাৰ লগতে গঁড় সংৰক্ষণৰ ওপৰত নিৰ্মিত তথ্যচিত্ৰৰ চিত্ৰগ্ৰহণত অংশগ্ৰহণ কৰে ক্ৰিকেটাৰ কেভিন পিটাৰচনে৷
 
 
সাংবাদিকৰ পৰা আঁতৰত থকা ক্ৰিকেটাৰগৰাকীৰ ফটো উঠোৱাতো বাধা প্ৰদান কৰে ক্ৰিকেটাৰগৰাকীৰ নিৰাপত্তাৰ দ্বায়িত্বত থকা বিষয়াই ৷ ইয়াৰ মাজতে সাংবাদিকে চুৰকৈ হ’লে গ্ৰহণ কৰিছে ক্ৰিকেটাৰগৰাকীৰ একপি ফটো ৷ অহা ১২ মাৰ্চত কাজিৰঙাৰ পৰা বিদায় ল’ব লগা কেভিন পিটাৰচনে অহা দিন কেইটাত কাজিৰঙাৰ পাৰ্শ্বৱৰ্তী বিভিন্ন গাঁৱত গঁড় সংৰক্ষণৰ ওপৰত চিত্ৰগ্ৰহণত অংশ লৈ ইংলেণ্ডলৈ উৰা মাৰিব৷
খবৰ যুগুতালে বোকাখাতৰ পৰা দিব্য জ্যোতি হাজৰিকাই।

Leave A Reply

Your email address will not be published.