ক’ৰণা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ ৰাজ্য চৰকাৰৰ শেহতীয়া পদক্ষেপ

0 229

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পৰামৰ্শ অনুসৰি মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই আজি এক নিৰ্দেশনাযোগে পৰৱৰ্তী নিৰ্দেশ পৰ্য্যন্ত গেলামালৰ দোকান আৰু ফাৰ্মাচীৰ বাহিৰে ৰাজ্যৰ সকলো বজাৰ বন্ধ থাকিব বুলি প্ৰকাশ কৰিছে।
 
গেলামালৰ দোকান সমূহে অত্যাৱশ্যকীয় সামগ্ৰীৰ উপৰিও শাক পাচলি ,ফলমূল আদা, নহৰু, কণী আৰু খোৱাপানী যোগান ধৰিব।সকলো জিলাৰ উপায়ুক্তই ম’বাইল ভেন সেৱাৰ জৰিয়তে অঞ্চলসমূহত এদিন এৰি এদিন শাক পাচলি বিতৰণ আৰু বিক্ৰীৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাৰ নিৰ্দেশ দিয়া হৈছে।
 
 
৩১ মাৰ্চৰ পৰ্য্যন্ত মাছ, মাংসৰ দোকান বন্ধ থাকিব।কামৰূপ মহানগৰ জিলাৰ খুচুৰা গেলামালৰ দোকান পুৱা ৯বজাৰপৰা সন্ধিয়া ৬বজালৈ খোলা থাকিব।অন্য জিলাসমূহত উপায়ুক্ত সকলে স্থানীয় সুবিধা অনুসৰি গেলামাল দোকান খোলাৰ উপযুক্ত সময় নিৰ্দ্ধাৰণ কৰিব।পূৰ্বতে জাৰি কৰা নিৰ্দেশনা অনুসৰি সকলোকে সামাজিক দূৰত্ব ৰাখিবলৈ আহ্বান জনোৱা হৈছে।
 
অন্যথা ভাৰতীয় দণ্ডবিধি আইনৰ ১৮৮ নং ধাৰা অনুসৰি শাস্তিৰ সন্মুখীন হ’ব লাগিব।আনহাতে যিকোনো ধৰণৰ সহায় সহযোগিতাৰ বাবে জনসাধাৰণে ৰাজ্যিক নিয়ন্ত্ৰণ কক্ষ,অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ  ১০৭০, ১০৭০, ,৯৪০১০৪৪৬১৭ আৰু ০৩৬১-২২৩৭২১৯ নম্বৰত যোগাযোগ কৰিব পাৰে।

Leave A Reply

Your email address will not be published.