খানামুখত গছপুলি ৰোপন

0 279

অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে সেউজ দিপাবলী পালনৰ বাবে জনোৱা আহ্বানৰ প্ৰতি সঁহাৰি দি গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ ধাৰাপুৰ গাঁও পঞ্চায়তৰ অধীনৰ খানামুখ কেহেৰুৱাৰী যুৱক সংঘই ১৪ নৱেম্বৰত খানা নৈৰ দাঁতিত দহটা বকুল আৰু দেৱদাৰু গছপুলি ৰোপণ কৰে।সংঘৰ কৰ্মকর্তা ক্ৰমে ৰুবুল বৈশ্য , অৰূপজ্যোতি বৈশ্য ,অসীম বৈশ্য , অৰূপজ্যোতি কাকতিয়ে দহটা দেৱদাৰু আৰু বকুল গছৰ পুলি ৰোপণ কৰি গৰু ছাগলীয়ে খাব নোৱাৰাকৈ বেৰা দিয়ে।আনহাতে দীপাবলীৰ দিনটোত পৰিবেশ সংৰক্ষণৰ বাবে গছপুলি ৰোপণৰ ব্যতিক্রমী ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰা বাবে অঞ্চলটোৰ লোকসকলে যুৱক কেইজনক শলাগ লৈছে।

Leave A Reply

Your email address will not be published.