খিলঞ্জীয়া মুছলমানসকলৰ বিভিন্ন আৰ্থ-সামাজিক সমস্যাৰাজিৰ অধ্যয়নৰ বাবে ৮ টা উপ-গোট গঠন বাবে সিদ্ধান্ত ৰাজ্য চৰকাৰৰ

0 252

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি খানাপাৰাস্থিত অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত আয়োজিত আলাপ আলোচনা ধৰ্মীয় সংখ্যালঘুসকলৰ সৱলীকৰণ শীৰ্ষক এক বিশেষ অনুষ্ঠানত অসমৰ খিলঞ্জীয়া মুছলমান সমাজক প্ৰতিনিধিত্ব কৰা ডেৰশগৰাকীৰো অধিক বিশিষ্ট ব্যক্তিৰ সৈতে এক সৌহাদ্যপূৰ্ণ আলোচনাত মিলিত হয়।সংখ্যালঘু কল্যান আৰু উন্নয়ন বিভাগৰ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী, শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু মুখ্যমন্ত্ৰী ৰাজনৈতিক সচিব তথা বিধায়ক জয়ন্ত মল্ল বৰুৱা উপস্থিতিত আয়োজিত এই বৈঠকত অসমৰ খিলঞ্জীয়া মুছলমান সমাজক প্ৰভাৱিত কৰা বহুকেইটা আৰ্থ-সামাজিক দিশৰ ওপৰত আলোচনা কৰা হয়।
আলোচনাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্য খনৰ সামগ্ৰিক বিকাশৰ এক নতুন মাত্ৰা প্ৰদানৰ লক্ষ্যৰে অসম চৰকাৰে আজি এই বিশেষ কাৰ্যসূচী আয়োজন কৰিছে।খিলঞ্জীয়া মুছলমান সকলৰ বৃহত্তৰ অসমীয়া সমাজৰ এক অবিচ্ছেদ্য অংগ বুলি অভিহিত কৰি কয় যে নিজস্ব সাংস্কৃতিক পৰিচয় অটুট ৰাখি ৰাজ্য খনৰ উন্নয়নত উল্লেখযোগ্য অৱদান আগবঢ়াব পৰাকৈ খিলঞ্জীয়া মুছলমান সকলৰ বিকাশৰ প্ৰক্ৰিয়াটোক ত্বৰাম্বিত কৰি তুলিব লাগিব।
বৈঠকত খিলঞ্জীয়া মুছলমান সমাজক প্ৰতিনিধিত্ব কৰা বহুকেইগৰাকী বিশিষ্ট বুদ্ধিজীৱী, চিকিৎসক,অধিবক্তা,সমাজকৰ্মী তথা সমাজৰ বিভিন্ন স্তৰত ব্যক্তিয়ে নিজ জনগোষ্ঠীৰ উত্তৰণৰ বাবে হাতত ল’বলগীয়া পদক্ষেপ সন্দৰ্ভত চৰকাৰলৈ যাৱতীয় দিহা পৰামৰ্শ আগবঢ়ায়।স্বধীনতাৰ পিছত পোন প্ৰথমবাৰৰ বাবে ৰাজ্য খনৰ খিলঞ্জীয়া মুছলমান সকলক সমস্যা বিষয়ে আলোচনা কৰাৰ আগ্ৰহ প্ৰকাশ কৰাৰ বাবে তেওঁলোকে মুখ্যমন্ত্ৰীক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে।ৰাজ্যৰ জনসংখ্যা নিয়ন্ত্ৰণৰ প্ৰয়োজনীয় সকলো ধৰণৰ সহযোগিতা আগবঢ়াই যাব বুলি তেওঁলোকে মন্তব্য কৰে।আলোচনা কালত বক্তা সকলে ৰাজ্যৰ বিধানসভা বা প্ৰস্তাৱিত উচ্চ সদনত খিলঞ্জীয়া মুছলমান প্ৰতিনিধিত্ব সুনিশ্চিত কৰা,আজান পীৰ চাহেব,শৰাইঘাটৰ ৰণৰ বীৰ বাঘ হাজৰিকা, শ্বহীদ মুজস্মিল হক আদিকে ধৰি খিলঞ্জীয়া মুছলমান সম্প্ৰদায়ৰ ধৰ্মীয়,ঐতিহাসিক আৰু অন্যান্য ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকৰ স্মৃতি ৰক্ষার্থে পদক্ষেপ গ্ৰহণ কৰা,ৰাজ্যৰ খিলঞ্জীয়া মুছলমান সকলৰ সুকীয়া জৰীপৰ ব্যৱস্থা কৰা আদিকে ধৰি বহু কেইটা গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়ায়।
আলোচনাৰ অন্তত মুখ্যমন্ত্ৰীয়ে অংশগ্ৰহণকাৰী সকলক অৱগত কৰে যে ৰাজ্যৰ খিলঞ্জীয়া মুছলমান সকলক বিভিন্ন সমস্যা যেনে শিক্ষা,স্বাস্থ্য, দক্ষতা, উন্নয়ন সাংস্কৃতিক ঐতিহ্যৰ সুৰক্ষা,বিত্তীয় অন্তভুক্তি ,মহিলা সৱলীকৰণ,জনসংখ্যা নিয়ন্ত্ৰণ আদি বিষয়ত অধ্যয়নৰ বাবে প্ৰতিনিধি সকলক লৈ ৰাজ্য চৰকাৰে ৮টা উপ গোট গঠন কৰিব।সম্প্ৰদায়টোৰ এগৰাকী ব্যক্তিক অধ্যক্ষ আৰু এগৰাকী চৰকাৰী বিষয়াক সদস্য সচিব হিচাপে লৈ গঠন কৰিবলগীয়া এই উপগোট সমূহে তেওঁলোকৰ ওপৰত ন্যস্ত কৰা নিৰ্দিষ্ট বিষয় সন্দৰ্ভত বিস্তৃত আলাপ আলোচনা অন্তত তিনি মাহৰ পাছত মুছলমান সমাজৰ সৱলীকৰণ বাবে এক ৰোডমেপ প্ৰস্তুত কৰিব আৰু পৰৱৰ্তী ৫ বছৰ ভিতৰত ইয়াক ৰূপায়নৰ পদক্ষেপ গ্ৰহণ কৰিব।
অনুষ্ঠানত সংখ্যালঘু কল্যান আৰু উন্নয়ন বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, পদ্মশ্ৰী ডাঃ ইলিয়াছ আলি,পদ্মশ্ৰী এলি আহমেদ,চৈয়দ এছ কে আলম,ৱাছবিৰ হুছেইন,ড° এছ আই আহমেদ,নেকিবুৰ জামান আদিকে কৰি বিভিন্ন জিলাৰ পৰা অহা বিশিষ্ট বিষয়া সকলেও অংশগ্ৰহণ কৰে।

Leave A Reply

Your email address will not be published.