গান্ধী আৰু বিজ্ঞান শীৰ্ষক প্ৰদৰ্শনী মুকলি

0 273

মহামানৱ মহাত্মা গান্ধীৰো বিজ্ঞানৰ লগত ওতঃপ্ৰোত সম্পৰ্ক আছিল। সেই কথা আমি  বহুতেই নাজানো। সেয়ে ছাত্ৰ ছাত্ৰী সকলৰ মাজত জনপ্ৰিয়কৰণ কৰাৰ উদ্দেশ্যৰে আজি আঞ্চলিক বিজ্ঞান কেন্দ্ৰত মুকলি হ’ল গান্ধী আৰু বিজ্ঞান শীৰ্ষক এখন প্ৰদৰ্শনী ।প্ৰদৰ্শনীখন আনুষ্ঠানিকভাৱে মুকলি কৰে এ এচ টি ই চিৰ সঞ্চালক ডক্টৰ অৰূপ কুমাৰ মিশ্ৰই।উল্লেখযোগ্য যে এই প্ৰদৰ্শনীখনত গান্ধী জীৱন আৰু বিজ্ঞানৰ লগত সম্পৰ্কিত বহু চিত্ৰ প্ৰদৰ্শিত হৈছে।গান্ধীজীয়ে কাৰাগাৰত থকা সময়খিনিত কিদৰে জ্যোতি বিজ্ঞানৰ প্ৰতি আকৰ্ষিত হৈ জ্যোতি বিজ্ঞানৰ প্ৰতি আকৰ্ষিত হৈ জ্যোতি বিজ্ঞান চৰ্চা কৰিছিল, প্ৰকৃতিৰ লগত সম্পৰ্কিত হৈ প্ৰকৃতিয়ে জীৱন সজাইছিল, বৈজ্ঞানিক জগদীশ চন্দ্ৰ বসু আৰু আইনষ্টাইন লগত থকা সম্পৰ্ক চিত্ৰৰ জৰিয়তে প্ৰদৰ্শিত হৈছে।স্মতব্য যে প্ৰদৰ্শনী উন্মোচনী অনুষ্ঠানত বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।

Leave A Reply

Your email address will not be published.