গান গাই খাদ্য সামগ্ৰী বিতৰণ কৰিলে গণশিল্পী সূৰ্য দাসে

0 270

ল’ৰালি কালত নিশাৰী নৈ বুকুত সাতুৰি নাদুৰি ডাঙৰ হোৱা গণ শিল্পী সূৰ্য দাসে দেওঁবাৰে নিজ জন্মভূমি কামপুৰৰ তেতেলিসৰাৰ আৰ্তজনক খাদ্য বিতৰণ কৰিব আহি দুচকু সেমেকাই তুলিল।মানুহৰ গান গায় শিল্পী জনে আন এজন তেতেলিসৰাৰ সন্তান পদ্ম হাজৰীকাৰ লগ হৈ নিজ জন্মভূমিৰ গৃহ বন্দী ৰাইজৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে।
 
 
 
ৰাজ্যজুৰি লকডাউন অব্যাহত থকা সময়ছোৱাত আৰ্তজনক সহায় কৰিবলৈ আগবাঢ়ি আহিছে ইজনৰ পিছত সিজন সুহৃদয় লোক ৷ দেওবাৰে জিলাখনৰ বঢ়মপুৰ সমষ্টিৰ তেতেলীসৰাত খাদ্য সামগ্ৰী বিতৰণ কৰে মীন বিভাগৰ জ্যেষ্ঠ বিষয়া পদ্ম কান্ত হাজৰিকাই ।
 
পদ্ম কান্ত হাজৰিকাৰ লগত উপস্থিত থাকে গণ শিল্পী সূৰ্য দাস ।শিল্পীজনে মানুহৰ গান গায় আৰ্তজনক বিতৰণ কৰে খাদ্য সামগ্ৰী ।কৰ্মসূত্ৰে গুৱাহাটীত থকা মীন বিষয়াজনে লগত খাদ্য সামগ্ৰী লৈ নিজ জন্মভূমিৰ তেতেলিসৰাত দ্বিতীয় বাৰৰ বাবে আৰ্তজনক বিতৰণ কৰে চাউল, দালি, আলু, পিঁয়াজ, তেল আদি খাদ্য সামগ্ৰী।
খবৰ যুগুতালে নগাঁৱৰ পৰা ৰাহুল দেৱ বৰদলৈয়ে..

Leave A Reply

Your email address will not be published.