গুৰু নানক জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি..

0 292

আজি শিখ ধৰ্মৰ প্ৰতিষ্ঠাপক প্ৰথম ধৰ্ম গুৰু গুৰুনানক জন্মদিন। তেখেতৰ জন্ম কাতি মাহৰ পূৰ্ণিমাৰ দিনা হৈছিল । গুৰুনানক জন্ম দিনটো শিখ সকলে পবিত্ৰ দিন হিচাপে গণ্য কৰি আহিছে।
 
 
এই উপলক্ষে গুৰুদ্বাৰ সমূহ সজাই পৰাই তোলা হৈছে।মহানগৰীৰ উলুবাৰীস্থিত গুৰুদ্বাৰত ধৰ্মীয় প্ৰাৰ্থনা সভা অনুষ্ঠিত হয়।এই প্ৰাৰ্থনা সভাত উপস্থিত হয় মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্য, কংগ্ৰেছৰ নেতা বলীন বৰদলৈ আৰু অমৃত মজুমদাৰ।তেখেত সকলে গুৰুদ্বাৰত প্ৰাৰ্থনা সভাত অংশ লয়।লগতে গুৰুনানক জয়ন্তীৰ উপলক্ষে সকলো শুভেচ্ছা জ্ঞাপন কৰে।

Leave A Reply

Your email address will not be published.