গুৰু পূৰ্ণিমাৰ বিশেষত্ব কি

0 603

আজি গুৰু পূৰ্ণিমা। হিন্দু ধৰ্মৰ লোকসকলে গুৰুক জীৱনৰ এক অংশ হিচাপে জ্ঞান কৰে। কিয়নো গুৰুৰ অবিহনে সঠিক মাৰ্গদৰ্শন পোৱা অসম্ভৱ। সেয়েহে গুৰুৰ মহত্ব যুগে যুগে আছে আৰু থাকিব।
 
 
কথিত অনুসৰি মহৰ্ষি ব্যাসৰ আজি জন্ম তিথি। মহাভাৰত আৰু বেদ ৰচনা কৰা  ব্যাসক সেয়েহে আজি পূজা কৰা হয়।
 
 
গুৰু পূৰ্ণিমা এটা পৱিত্ৰ দিন।গুৰুক বিশ্বাস কৰা সকলে গুৰু পূৰ্ণিমাক উলহ মালহেৰে পালন কৰা পৰিলক্ষিত হয়। ভক্ত সকলে পুৱাই উঠি মন্দিৰত গৈ পূজা অৰ্চনা আদি কৰে। আনহাতে জ্যোতিষ বিদ্যাক বিশ্বাস কৰা সকলে বিভিন্ন অশুভ গ্ৰহ নক্ষত্ৰ আদিৰ বাবে উপবাস, পূজা অৰ্চনা কৰি সময় অতিবাহিত কৰে।
 
 
বিশেষকৈ সনাতন ধৰ্মৰ লোকসকলে এই গুৰু পূৰ্ণিমা পালন কৰে। হিন্দু ধৰ্মত গুৰু পূৰ্ণিমাৰ বিশেষ গুৰুত্ব আছে। কিয়নো হিন্দু সকলে বিশ্বাস কৰে যে কেৱল গুৰুৰ জৰিয়তে জ্ঞান লাভ কৰিব পাৰি।গুৰুৰ অবিহনে প্ৰকৃত জ্ঞান আৰু সঠিক পথৰ সন্ধান পোৱাটো অসম্ভৱ।

Leave A Reply

Your email address will not be published.