গুৱাহাটীত ছেপ্তেম্বৰৰ পৰা ইলেকট্ৰনিক বাছৰ সেৱা আৰম্ভ হ’ব

0 265

অহা ছেপ্টেম্বৰ মাহৰ পৰা গুৱাহাটীত ইলেকট্ৰনিক বাছ সেৱা আৰম্ভ হ’ব ।জানিব পৰা মতে অসম ৰাজ্যিক পৰিবহন নিগমে এফ এম ই আঁচনিৰ অধীনত ১৫খন বাছ ক্ৰয় কৰিছে।অসম ৰাজ্যিক পৰিবহন নিগমে হাংগেৰীৰ ছিছেপল বিল্ডিঙৰ ভাৰতীয় বিতৰণকাৰীৰ সৈতে এক আলোচনাত মিলিত হয় ।এই সম্পৰ্কে অসম ৰাজ্যিক পৰিবহন নিগমৰ পৰিচালন সঞ্চালক আনন্দ প্ৰকাশ তিৱাৰীয়ে কয় যে এই বাছৰ ছাৰ্জিং ষ্টেচন ৰুপনগৰত নিৰ্মাণ কৰা হ’ব।আৰু বাছ সেৱা কামাখ্যাৰ পৰা আৰম্ভ হ’ব।প্ৰাৰম্ভিক পৰ্য্যায়ত ১০০ ইলেক্ট্ৰনিক বাছ ৰাজ্যত চলিব।কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন অনুসৰি দ্বিতীয় পৰ্য্যায়ত ৫০ খন গুৱাহাটী,২৫খন যোৰহাট, ২৫খন শিলচৰত চলাচল কৰিব।

Leave A Reply

Your email address will not be published.