গুৱাহাটীত থলুৱা ঠিকাদাৰে নিৰ্মাণ কৰা প্ৰথমখন উৰণীয়া সেঁতুত ব্যৱহাৰ হৈছে অত্যাধুনিক প্ৰযুক্তি

0 203

উত্তৰ পূৱৰ দুৱাৰমুখ স্বৰূপ গুৱাহাটী মহানগৰীত যান জটৰ সমস্যা লাঘৱ কৰাৰ লক্ষ্যৰে কেবাখনো উৰণীয়া সেতুৰ নিৰ্মাণৰ কাম চলি আছে। আনকি ১১ অক্টোবৰত দীনেশ গোস্বামী পথৰ মলিগাঁৱৰ পৰা কামাখ্যাগেটলৈ প্ৰায় ৩ কিঃমিঃ দৈৰ্ঘ্যৰ উৰণীয়া সেতু নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰা হৈছে।
 
 
 
প্ৰস্তাৱিত উৰণীয়া সেতুখন নিৰ্মাণ হ’লে উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত সৰ্ববৃহৎ উৰণীয়া সেতু হিচাপে পৰিগণিত হ’ব । আনহাতে ৰাজ্যৰ অতি ব্যস্ত অঞ্চল ৰাজধানী দিছপুৰ অঞ্চলক যান জটৰ সমস্যাৰ পৰা মুক্ত কৰি ৰখাৰ বাবে দুখনকৈ উৰণীয়া সেতু নিৰ্মান কৰা হৈছে । এই সন্দৰ্ভত ৰাজ্য চৰকাৰৰ লোকনিৰ্মান বিভাগৰ দিছপুৰ ক্ষেত্ৰীয় পথ সংমণ্ডলৰ (পথ) কাৰ্যবাহী অভিযন্তা প্ৰণৱ ৰাভাই জানিবলৈ দিয়া মতে ইয়াৰ ভিতৰত চানমাৰিৰ পৰা গণেশগুৰি সংযোগী ৰাধাগোবিন্দ পথত নিৰ্মাণ কৰা উৰণীয়া সেতুখন অহা দুৰ্গা পূজাৰ সময়ত মুকলি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে । গৌতম কনষ্টাচন প্ৰাইভেট লিমিটেড নামৰ প্ৰতিষ্ঠানটোৱে নিৰ্দিষ্ট কৰি থকা সেতুখনৰ আধাৰশিলা ২০১৯ চনৰ ৬ মাৰ্চত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে লোকনিৰ্মান বিভাগৰ মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত স্থাপন কৰিছিল। দুই বছৰৰ ভিতৰত নিৰ্মাণ সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা সেতুখন নিৰ্ধাৰিত সময়তকৈ পাঁচ-ছয় আগতে সম্পন হ’ব বুলি কাৰ্যবাহী অভিযন্তা প্ৰণৱ ৰাভাই সদৰি কৰিছে ।
 
 
ইফালে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু লোকনিৰ্মান বিভাগৰ মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অসমৰ থলুৱা ঠিকাদাৰেও যাতে উৰণীয়া সেঁতুকে ধৰি ৰাজ্য চৰকাৰৰ বৃহৎ প্ৰকল্প সমূহ নিৰ্মাণ কৰিব পাৰে তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। তাৰ অংশহিচাপে দিছপুৰ ছুপাৰ মাৰ্কেটত যুদ্ধ কালীন তৎপৰতাৰে নিৰ্মিত কৰি থকা উৰণীয়া সেতুখন গুৱাহাটীৰ পাৰ্শ্ববৰ্তী মিৰ্জাৰ অনিল দাস নামৰ এজন থলুৱা ঠিকাদাৰক নিৰ্মাণৰ দায়িত্ব দিয়া হৈছে । ২০১৯ চনৰ ৮ ডিচেম্বৰত আধাৰশিলা স্থাপন কৰা আৰু ১২৭.২০ কৌটি টকা ব্যয়ৰে আন্তৰ্জাতিক মানদণ্ডৰে নিৰ্মাণ কৰি থকা সেঁতুখন নিৰ্মাণ সম্পূৰ্ণ কৰাৰ তিনি বছৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল। কিন্তু প্ৰথম বাৰৰ বাবে গুৱাহাটীৰ উৰণীয়া সেতু নিৰ্মাণৰ দায়িত্ব লাভ কৰা থলুৱা ঠিকাদাৰ অনিল দাসে বিভাগীয় মন্ত্ৰীৰ নিৰ্দেশনা অনুসৰি অহা বহাগ বিহুৰ সময়ত যাতে নিৰ্মাণকাৰ্য সম্পূৰ্ণ হয় তাৰ বাবে দিনে নিশাই কাম কৰি আছে। কার্যবাহী অভিযন্তা গৰাকীয়ে সদৰি কৰা অনুসৰি দুইলেন যুক্ত সেতুখনৰ মুঠ দৈৰ্ঘ্য হ’ব ৮২৫ মিটাৰ ।
 
ইয়াৰে ছুপাৰ মাৰ্কেটৰ পৰা লাষ্টগেটলৈ অংশটোৰ দৈৰ্ঘ্য হ’ব ৩৯৪ মিটাৰ । চাৰে সাত মিটাৰ বহল সেতুখনত মুঠ স্পান থাকিব ২৫ টা । অত্যাধুনিক প্ৰযুক্তিৰে নিৰ্মাণ কৰি থকা সেতুখনৰ দিছপুৰ ছুপাৰ মাৰ্কেটৰ টি আকৃতিৰ জংচনত বক্স গাৰ্ড থাকিব । দিছপুৰ সচিবালয়ৰ পৰা ডাউন টাউনলৈকে উৰণীয়া সেতুখন একমুখী হ’ব । অৰ্থাৎ গণেশগুৰীৰ দিশৰ পৰা খানাপাৰালৈ যোৱা বাহন সমূহ সেতুৰ ওপৰৰে যাব যদিও খানাপাৰাৰ দিশৰ পৰা অহা বাহন সমূহ তলৰ ছাৰ্ভিছ লেনেৰে আহিব লাগিব । লাষ্টগেটলৈ পথচোৱা দুইমুখী হ’ব । এইখিনিতে উল্লেখযোগ্য যে ২০১৮ চনত তেতিয়াৰ গড়কাপ্তানি আৰু বৰ্ত্তমানৰ লোকনিৰ্মান বিভাগৰ মন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছত ডঃ হিমন্ত বিশ্ব শৰ্মাই বিভাগীয় বিষয়া-অভিযন্তা সকলক যোগ্যতা থকা ৰাজ্যৰ থলুৱা ঠিকাদাৰ বা নির্মাণকাৰী প্ৰতিষ্ঠান সমূহে যাতে দলং , বাট-পথ প্ৰকল্পৰ নিৰ্মাণৰ বাবে নিৰ্দেশনা দিছিল । দিছপুৰ ছুপাৰ মাৰ্কেটৰ উৰণীয়া সেতুখনৰ নিৰ্মাণ কার্য সম্পন্ন হ’লে দিছপুৰ কেন্দ্ৰীক যান জটৰ সমস্যা বহুখিনি সমাধান হোৱাতো নিশ্চিত। ইফালে মালিগাওঁৰ উৰণীয়া সেতুখনৰো নিৰ্মাণৰ দায়িত্ব লাভ কৰিছে অনুপম শৰ্মা নামৰ থলুৱা ঠিকাদাৰ এজনে। উল্লেখযোগ্য যে মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত দিছপুৰ উৰণীয়া সেঁতুত নিৰ্মাণ কার্যত আন্তৰ্জাতিক মানদণ্ডৰ অত্যাধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে ।
খবৰ যুগুতালে মিৰ্জাৰ পৰা জিতুমণি দাসে..

Leave A Reply

Your email address will not be published.