গুৱাহাটীত প্ৰৱেশ আইনক্স (INOX), মুকলি কৰিলে চহৰৰ আটাইতকৈ বিলাসী চিনেমাৰ হল

0 206

ভাৰতৰ আগশাৰীৰ মাল্টিপ্লেক্স চেইন,আইনক্স (INOX) লিজাৰ লিমিটেডে গুৱাহাটী চহৰত প্ৰৱেশৰ ঘোষণা কৰিছে। তেওঁলোকে মহানগৰীৰ জিএছ ৰোডৰ আৰোছ মলত সম্পূৰ্ণ বিলাসী ৪-স্ক্ৰীণৰ মাল্টিপ্লেক্স মুকলি কৰিছে। গুৱাহাটীৰ চলচ্চিত্ৰ প্ৰেমীসকলে এতিয়া ৭ষ্টাৰ মাল্টিপ্লেক্সত দুৰ্গা পূজা উদযাপনৰ অভিজ্ঞতা লাভ কৰিব পাৰিব। ইনচিগনিয়া ব্ৰেণ্ড অধীনত এক অনন্য আৰু আকৰ্ষণীয় চলচ্চিত্ৰ পৰিৱেশত শেহতীয়া মুক্তি প্ৰাপ্ত চিনেমাবোৰ উপভোগ কৰিব পাৰিব।আৰোছ মলৰ চাৰিটা এক্সক্লছিভ অডিটৰিয়াম আৰু মুঠ ১৮৩ খন আসনৰ একত্ৰীকৰণৰ সৈতে ইনচিগনিয়া(INSIGNIA)ই প্ৰতিটো দিশৰ সৈতে বিলাসিতা একত্ৰিত কৰি চিনেমা চোৱাৰ নতুন অভিজ্ঞতা দিব।
ইনচিগনিয়া (INSIGNIA)ত ছিমলেছ(seamless)চেক-ইনৰ ব্যৱস্থা থকাৰ লগতে ইয়াত খাদ্যৰ অৰ্ডাৰৰ পৰা আৰম্ভ কৰি প্ৰতিটো অডিটৰিয়ামত আৰামদায়ক ৰিক্লেইনাৰলৈকে ধৰি অসাধাৰণ ডলবি এটমোচ চাৰাউণ্ড ধ্বনিত দৰ্শকে চিনেমা চোৱাৰ অভিজ্ঞতা লাভ কৰিব পাৰিব।দৰ্শকসকলে কেতিয়াও লাভ নকৰা অভিজ্ঞতাৰে
সৰ্বশ্ৰেষ্ঠ আৰু আৰামদায়ক চিনেমা চোৱাৰ আতিথ্য লাভ কৰিব। সতেজ খাদ্য আৰু প্ৰস্তুত কফিৰ বিকল্প থাকিব। গুৱাহাটীবাসীয়ে চিনেমা চোৱাৰ এক পাহৰিব নোৱাৰা অভিজ্ঞতা লাভ কৰাটো আৰু পুনৰ ইয়ালৈ উভতি অহাটো নিশ্চিত থাকিব।
মাল্টিপ্লেক্সটোৰ ডিজাইনত আধুনিকীকৰণ আৰু ষ্টাইলাইজড আৰ্ট ডেকোৰৰ এক নিৰৱচ্ছিন্ন মিশ্ৰণ আছে। দৰ্শকক আকৰ্ষণীয় ভিডিঅ’ ৱাল,সোণবৰণীয়া অলংকৃত আৰু বিলাসী আয়নাৰ ওপৰত আলোকপাত কৰা দৃশ্যৰ দ্বাৰা সম্ভাষণ জনোৱাৰ সুব্যৱস্থা কৰা হৈছে। লগতে ইনচিগনিয়াত খাদ্যৰ বৈশিষ্ট্য উন্নত আৰু আটকধুনীয়া। তাৰ উপৰি খাদ্যৰ বিপনিসমূহ আটকধুনীয়াকৈ সজাই তোলা হৈছে।
মাল্টিপ্লেক্সটো উদ্বোধন কৰি আইনক্স লিজাৰ লিমিটেডৰ আঞ্চলিক সঞ্চালক (পশ্চিম)ৰ অমিতাভ গুহ ঠাকুৰতা (Amitava Guha Thakurta)ই কয়- “আমি ধুনীয়া গুৱাহাটী চহৰখনত দুৰ্গা পূজা উৎসৱৰ সময়ত আমাৰ প্ৰথম মাল্টিপ্লেক্স মুকলি কৰি গৌৰৱান্বিত আৰু আনন্দ অনুভৱ কৰিছোঁ।আইনক্স ইনচিগনিয়াই গুৱাহাটীৰ দৰ্শকক প্ৰথমবাৰৰ বাবে অতি-বিলাসীত চিনেমা চোৱাৰ অভিজ্ঞতা দিব। দৰ্শকক ৭ ষ্টাৰৰ অভিজ্ঞতা দিব, য’ত থাকিব উৎকৃষ্ট ধ্বনি আৰু প্ৰক্ষেপণ প্ৰযুক্তিৰ লগতে খাদ্যৰ বিকল্প। আমি চিনেমা উপভোগ কৰি ভাল পোৱা গুৱাহাটীৰ দৰ্শকসকলক আমাৰ ইয়ালৈ আহি অসাধাৰণ চলচ্চিত্ৰ চোৱাৰ অভিজ্ঞতা ল’বলৈ আমন্ত্ৰণ জনাইছো।”
এই নতুন আইনক্স মাল্টিপ্লেক্সটো জি.এছ. ৰোডস্থিত আৰোছ মলত অৱস্থিত। দর্শকৰ বাবে সহজ প্ৰৱেশাধিকাৰ থাকিব।যোৰহাটৰ এ.বি.এছ. মলত ইতিমধ্যে কাৰ্যক্ষম হৈ আছে মাল্টিপ্লেক্স আৰু গুৱাহাটীৰ আইনক্স ইনচিগনিয়া তেওঁলোকৰ ৰাজ্যৰ ভিতৰতে দ্বিতীয় আৰু মহানগৰীত প্ৰথম আইনক্স মাল্টিপ্লেক্স।
১০০% টিকাকৰণ কৰা ষ্টাফ দ্বাৰা চিনেমাসমূহ পৰিচালনা কৰাটো নিশ্চিত কৰাৰ উপৰিও, আইনক্সে।পালন কৰিছে ৰাজ্য চৰকাৰে জাৰী কৰা অধিসূচনাত নিৰ্ধাৰিত প্ৰতিটো নিৰ্দেশনা। #SafetyFirst নামৰ এক পৰিচ্ছন্নতা প্ৰচেষ্টা হাতত লৈছে, যিয়ে চৰকাৰী কৰ্তৃপক্ষৰ দ্বাৰা জাৰি কৰা নিৰ্দেশসমূহ কাৰ্যকৰী কৰাৰ অতিৰিক্ত ব্যৱস্থা গ্ৰহণ কৰিছে। লগতে তেওঁলোকে দৰ্শক বহাৰ সীমাবদ্ধতা, চিনেমা চোৱাৰ বাবে বহা আসনসমূহ সঘনাই পৰিষ্কাৰ কৰা, সকলো দৰ্শকে স্পৰ্শ কৰা স্থানসমূহ পৰিস্কাৰ কৰাৰ নিৰ্ধাৰিত দিশ অনুসৰণ ৰিছে।সেই স্থানসমূহৰ ভিতৰত আছে প্ৰৱেশদ্বাৰ, বক্স-অফিচ, লবী, আডিটৰিয়াম, এফ এণ্ড বি কাউণ্টাৰ, ৰেষ্টৰুম আৰু প্ৰস্থান গেটসহ। ইয়াৰ লগতে বৰ্ধিত পৰিচ্ছন্নতা প্ৰদান কৰাৰ প্ৰচেষ্টাৰ প্ৰটোকলবোৰত আছে বাধ্যতামূলক মাস্ক পিন্ধা, তাপমাত্ৰা পৰীক্ষা, ই-টিকট, সম্পৰ্কহীন পৰিশোধৰ লগতে সতেজ বায়ুৰ বৰ্ধিত দিশটো। আইএনঅ’এক্সৰ লক্ষ্য হৈছে সমগ্ৰ চিনেমা চোৱাৰ অভিজ্ঞতা ডিজিটেলভাৱে সক্ষম আৰু স্পৰ্শ-মুক্ত কৰি তোলা। লগতে সকলো দৰ্শকক ই-টিকট ব্যৱহাৰ কৰিবলৈ উৎসাহিত কৰিছে।লগতে আইনক্সত প্ৰৱেশ কৰা দৰ্শকৰ বাবেও ই-টিকটৰ ব্যৱস্থা কৰিছে।
সামাজিক দূৰত্ব বাহাল ৰাখি এক চেফ আৰু সুৰক্ষিত পৰিৱেশ প্ৰদান কৰিব আৰু বন্ধু আৰু পৰিয়ালৰ সৰু গোটবোৰৰ বাবে আইনক্সে ব্যক্তিগত স্ক্ৰীণিং সেৱা আগবঢ়াব। দৰ্শকে পচন্দৰ চিনেমা এখন অতি কম মূল্য ৪,৯৯৯টকাত উপভোগ কৰিব পাৰিব। দৰ্শকে একচেটিয়াভাৱে কিউৰেটেডৰ অভিজ্ঞতা তেওঁলোকৰ পচন্দৰ তাৰিখ আৰু সময় অনুসৰি সমগ্ৰ দেশৰ যিকোনো কাৰ্যকৰী আইনক্স চিনেমাত সুবিধাৰ ব্যৱস্থা আছে। আইনক্সে এফ এণ্ড বি নিৰ্দেশনাবোৰ শিথিল হোৱাৰ পিছত ইমিউনিটি বুষ্টাৰ অন্তৰ্ভুক্ত কৰিব তেওঁলোকৰ মেনুত। এই নতুন মেনুত এটা তুৰমেৰিক লটে (Turmeric Latte)অন্তৰ্ভুক্ত থাকিব, তাৰ লগতে থাকিব এক বিস্তৃত পৰিসৰৰ গ্ৰীণ টি, এনেৰ্জি বাৰ্চ (Energy Bars) আদি। আইএনঅ’এক্সত চুইগি আৰু জোমাটোৰ দৰে খাদ্য অৰ্ডাৰ লোৱা প্লেটফৰ্মৰো ব্যৱহাৰ কৰি ঘৰৰ দৰে আৰাম লাভ কৰিব পাৰিব।
এই মুকলিৰ সৈতে,আইনক্সে দেশৰ ৭০ খন চহৰত ৬৫৮ খন স্ক্ৰীণবিস্তৃত ১৫৬ টা মাল্টিপ্লেক্সলৈ ইয়াৰ উপস্থিতি সম্প্ৰসাৰিত কৰিছে। দেশৰ পূব অংশত ৯৩ খন স্ক্ৰীণৰ সৈতে ২৫ টা মাল্টিপ্লেক্সলৈ উপস্থিতি সম্প্ৰসাৰিত কৰিছে।
কিহে আইনক্স।ইনচিগনিয়াক এক অতি-বিলাসী চলচ্চিত্ৰ গন্তব্য স্থান কৰি তোলে?
ব্যক্তিগতকৃত টিকেটিং সেৱাসমূহ: সমৰ্পিত(dedicated) সংৰক্ষণ(reservation)লাইনৰ পৰা আৰম্ভ কৰি, এক সমৰ্পিতলৈ দৰ্শকসকলক তেওঁলোকৰ আসনলৈ লৈ যোৱাৰ বাবে ব্যক্তিগতকৃতভাৱে সেৱা আগবঢ়াব।
বেচপোক আভ্যন্তৰীণ আৰু সুন্দৰ ৰিক্লিনাৰ: ভিতৰভাগ উবেৰ বিলাসী আৰ্ট ডেকোৰৰে সজ্জিত। যি গৌৰৱ কৰা সুন্দৰ আৰ্হি।লগতে স্বাক্ষৰ ৰিক্লিনাবোৰ মাইক্ৰ’-এডজাষ্টেবল হেডৰেষ্টৰ সৈতে ইটালিয়ান ষ্টিচ-আৰ্ট চামৰাত তৈয়াৰী।
বিকি ৰত্নানীৰ দ্বাৰা কিউৰেট কৰা মেনুৰ পৰা ভোজনৰ আনন্দলৈ: ইয়াত অপেন খাদ্য কাউণ্টাৰ লবি, মাষ্টাৰ চেফ বিকি ৰত্নানীৰ দ্বাৰা প্ৰস্তুত কৰা মেনুৰ পৰা মনোৰম খাদ্য পৰিৱেশনৰ ব্যৱস্থা আছে।
বাটলাৰ-অন-কলৰ সৈতে অনায়াস খাদ্য অৰ্ডাৰ কৰা: আকৰ্ষণীয় মেনু উপভোগ কৰিবলৈ বা আন যিকোনো লোকৰ সহায়ৰ বাবে টাছ পেনেলত বাটলাৰ-অন-কল বুটামটো টিপি আৰামৰে তেওঁলোকৰ সুবিধা গ্ৰহণৰ সুবিধা।
অত্যাধুনিক ধ্বনি আৰু স্ক্ৰীণ প্ৰযুক্তি: উন্নত ছবিৰ মানদণ্ডৰ সৈতে নিশ্চিত কৰা হৈছে লেজাৰ প্ৰজেকচন(LASER projection), ডলবি এটিএমঅ’এছৰ দ্বাৰা উন্নত চাৰাউণ্ড ধ্বনি। যথাযথভাৱে ভলফনিৰ স্মাৰ্ট ক্ৰিষ্টাল ডায়মণ্ড ছলিউচন স্ক্ৰীণৰ ব্যৱস্থা কৰা হৈছে, যাৰ ফলত চলচ্চিত্ৰবোৰ জীৱন্ত হৈ উঠে।
অৰ্জুন খান্নাৰ দ্বাৰা প্ৰস্তুত কৰা ইউনিফৰ্ম: ইনচিগনিয়া চৌহদৰ প্ৰতিজন পৰিচালকৰ ইউনিফৰ্মসমূহ বিশেষভাৱে চেলিব্ৰিটি ডিজাইনাৰ অৰ্জুন খান্নাৰ দ্বাৰা তৈয়াৰ কৰা হৈছে।

Leave A Reply

Your email address will not be published.