গুৱাহাটীত বেদ স্পাৰ প্ৰথমখনি চেলুনৰ শুভাৰম্ভ

0 278

গুৱাহাটী মহানগৰীৰ উলুবাৰী আৰ জি বৰুৱা স্প’ৰ্টছ কমপ্লেক্সৰ বিপৰীতে ড০ বি বৰুৱা পথস্থিত পিয়াজ্জাৰ ওপৰত নতুনকৈ বেদ স্পাৰ মুকলি কৰা হয়। বেদ স্পাৰ সহ-স্বত্বাধিকাৰ ডলী হাজৰিকাই এই সন্দৰ্ভত বেদ স্পাই ক্ৰীড়াবিদ আৰু খেলুৱৈসকলে মাচুলছ স্পেচিম আৰু বেদনাৰপৰা ক্ষীপ্ৰ আৰোগ্য লাভ কৰিবলৈ উত্তৰ পূব ভাৰতৰ আইচ বাথ আগবঢ়োৱা প্ৰথমখনি স্পা আৰু চেলুন। বেদ স্পা হৈছে মৰক্কোৰ ডিজাইন অনুপ্ৰাণিত স্পা ও চেলুন য’ত উবেৰ আৰু লুক্স চেটিং সমৃদ্ধ। ইয়াত লাভ কৰিব সমসাময়িক বাতাবৰণ আৰু উষ্ম আৰু বন্ধুত্বসূলভ ষ্টাফ যিয়ে আপোনাৰ পদাৰ্পণক সন্তোষজনক আৰু স্মৰণীয় অভিজ্ঞতা নিশ্চিত কৰি তুলিব। সমগ্ৰ দেশখনৰ ষ্টাইলিষ্ট, বিউটিচিয়ান আৰু থেৰাপিষ্টৰ এটি সম্পূৰ্ণ টীমেৰে, বেদ স্পাৰ চেলুনখনত এটি ব্যাপক দিন উপভোগ কৰিবলৈ আপোনাৰ প্ৰয়োজনীয় সকলোখিনিয়েই আছে। ইয়াৰ টেগলাইন “এ মৰক্কান এফেয়াৰৰে দৃঢতাৰে, বেদ স্পাই টুৰ্কিছ বাথকে ধৰি চুলি ও দেহৰ বাবে মৰক্কান অইল পণ্যৰ বৃহৎ নিৰ্বাচন আগবঢ়াইছে। বেদ স্পাত প্ৰডাক্ট আৰু সেৱাসমূহৰ লক্ষ্য হৈছে নিয়মীয়া বিউটিৰ পৰিধি অতিক্ৰম কৰা কিয়নো ই দৰাচলতেই ব্যতিক্রমী আৰু প্রশান্তিজনক। ই হৈছে ভালভাৱে সাজিব খোজা আৰু সকলো সময়তে উত্তম খোজ দিব খোজা লোকৰ বাবে এটি আকাংক্ষিত ব্ৰেণ্ড।
বিউটি আৰু স্বাচ্ছন্দ্যৰ অৰ্থে এই এক্সক্লুছিভ ব্ৰেণ্ডৰ শুভাৰম্ভ কৰিবলৈ পাই মই অতিশয় গৌৰৱ আৰু আনন্দ লাভ কৰিছো বুলি সহ-স্বত্বাধিকাৰী হাজৰিকাই জানিবলৈ দিয়ে। লগতে অধিক গভীৰ, বলিষ্ঠ স্পা অভিজ্ঞতা খোজা গ্ৰাহকৰ অৰ্থে এটি সম্পূৰ্ণ মৰক্কোৰ ৰিচুৱেল উপলব্ধ। এক্সক্লুছিভ স্পা আৰু চেলুনখনিয়ে টুৰ্কিছ স্ক্ৰাবিং ও বাথ আগবঢ়াব, যিয়ে ডেড স্কিন অপসাৰণ, চাপ হ্ৰাস আৰু পেশীৰ বিষ সহজতৰ কৰাত সহায় আগবঢ়ায়। ক’ভিড-১৯ৰ দ্বিতীয় ঢৌৰ প্ৰাদুৰ্ভাৱৰপৰা নতুন স্বাভাৱিক অৱস্থা ঘূৰি অহাৰ পাছত, বেদ স্পাই ইয়াৰ চেলুনত চৰকাৰী সকলো নীতি-নিৰ্দেশনা কঠোৰভাৱে পালন কৰিছে। ইয়াৰ লগতে, চেলুনখনে সামাজিক দূৰত্ব, সঘনাই চেনিটাইজেশ্যনৰ দৰে সকলো বাধ্যতামূলক সুৰক্ষা সতৰ্কতা মানি চলিছে আৰু এটি সুৰক্ষিত বাতাবৰণত সন্তোষজনক প্যাম্পাৰিং চেছন উপভোগৰ অৰ্থে এটা সময়ত গ্ৰাহকৰ সংখ্যা সীমিত কৰিছে। এই উৎসৱৰ বতৰত, ইয়াত থাকিব বহু উপহাৰ আৰু পচ্ছন্দৰ সেৱাৰ অৰ্থে ব্যৱহাৰ কৰিবলৈ গিফ্ট ভাউচাৰ লাভৰ সম্ভাৱনা।স্পা, আনুকূল্য আৰু ৰিলেক্সৰ অন্বেষণ কৰিবলৈ বেদ স্পাই সকলোকে স্বাগতম জনাইছে।

Leave A Reply

Your email address will not be published.