গুৱাহাটীত মুকলি হ’ল উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো মানৱ দুগ্ধ কেন্দ্ৰ

0 280

গুৱাহাটীত মুকলি হ’ল উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো মানৱ দুগ্ধ কেন্দ্ৰ।উত্তৰ পূৱৰ প্ৰথমটো দুগ্ধ কেন্দ্ৰ মহানগৰীৰ ছাত্ৰীবাৰী খ্ৰীষ্টিয়ান হাস্পতালত আজি কেন্দ্ৰটো মুকলি কৰা হয়।
খ্ৰীষ্টিয়ান হাস্পতালৰ শিশু আৰু নৱজাতক বিশেষজ্ঞ ডাঃ দেৱজিৎ শৰ্মাই জনোৱা অনুসৰি হাস্পতালখনে প্ৰথমাৱস্থাত প্ৰতি মাহে দুগ্ধ দিবলৈ সক্ষম ১০০ৰো অধিক মাতৃৰ পৰা মানৱ দুগ্ধ সংগ্ৰহ কৰি সেই দুগ্ধ সংৰক্ষণ কৰিব।
এই সংগৃহীত মানৱ দুগ্ধক ফ্ৰীজিঙৰ যোগেদি ছবছৰলৈকে সংৰক্ষণ কৰিব পাৰিব।অধিক মাতৃক দুগ্ধ দান প্ৰক্ৰিয়াত জড়িত কৰি মানৱ দুগ্ধ কেন্দ্ৰটোক সম্প্ৰসাৰিত কৰা হ’ব বুলিও চিকিৎসকগৰাকীয়ে মন্তব্য কৰে।

Leave A Reply

Your email address will not be published.