তথ্য আৰু জনসংযোগ বিভাগৰ গুৰুত্বপূৰ্ণ পদক্ষেপ

0 254

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে আজি তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ উদ্যোগত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত শ্ৰীশ্ৰী মাধৱদেৱ আন্তৰ্জাতিক পেক্ষাগৃহত আয়োজিত এক অনুষ্ঠানত ২০২০-২০২১ বৰ্ষৰ মিডিয়া ফেল’শ্বিপ সাংবাদিকৰ এককালীন অনুদান প্ৰদান কৰে।জনসংযোগ বিষয়াৰ নিযুক্তিপত্ৰ আৰু পাৰদৰ্শিতা প্ৰদৰ্শন কৰা বিভাগটোৰ জিলা আৰু মহকুমা পৰ্যায়ৰ কাৰ্যালয়ক পুৰস্কাৰ প্ৰদান কৰে।
এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে কয় যে সমাজত মৰ্য্যদা আৰু সন্মান সহকাৰে নিজৰ অৱস্থান শক্তিশালী ৰূপত তুলি ধৰিব লাগিলে চৰকাৰী বিষয়া কৰ্মচাৰী সকলে অধিক নিষ্ঠা আৰু দায়বদ্ধতাৰে কাম কৰিব লাগিব।চৰকাৰৰ জনকল্যাণ মূলক আঁচনিসমূহ জনসাধাৰণৰ মাজলৈ যোৱাৰ ক্ষেত্ৰত জনসংযোগ বিভাগৰ বিষয়া সকলৰ গধুৰ দায়িত্ব আছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে বিভাগটোৰ বিষয়া সকলে জনসাধাৰণৰ আৱেগ অনুভূতি উপলব্ধি কৰাৰ লগতে তেওঁলোকৰ সুখ-দুখ,আশা-আকাংক্ষাৰ বুজ ল’ব লাগিব।
জনসাধাৰণৰ আৰ্থ-সামাজিক উত্তৰণৰ বাবে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সমূহৰ ক্ষেত্ৰত জনসাধাৰণৰ মতামত গ্ৰহণ কৰিব লাগিব।ক্ষেত্ৰ পৰ্যায়ৰ জনসংযোগ বিষয়া সকলে নিজৰ জিলাখন তথা মহকুমা টোৰ ভূগোল,বুৰঞ্জী,পৰম্পৰা, লোক বিশ্বাস, সমাজ-ব্যৱস্থা ইত্যাদি বিষয় সমূহ ভালদৰে অধ্যয়ন কৰিব লাগিব বুলিও কয়।জনসংযোগ বিভাগটোক ৰাইজৰ আস্থা আৰু বিশ্বাসৰ বিভাগ হিচাপে গঢ়ি তোলাৰ স্বাৰ্থত ইয়াৰ প্ৰতিগৰাকী বিষয়া কৰ্মচাৰীকে দিনটো প্ৰতি মুহূৰ্ততে সক্ৰিয় হৈ থাকিবৰ বাবে মুখ্যমন্ত্ৰীয়ে আহ্বান জনায়।
মুখ্যমন্ত্ৰীয়ে জনসংযোগ বিভাগক ৰাজ্য চৰকাৰ আটাইতকৈ ফ’কাছৰ বিভাগ বুলি উল্লেখ কৰি বিভাগটোৱে ইয়াৰ প্ৰতিচ্ছবি আৰু অধিক উজ্জ্বল কৰাৰ দিশত বিষয়া কৰ্মচাৰী সকলক প্ৰয়াস চলাবলৈ আহ্বান জনায়।ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয় যে সাংবাদিক সকলক উৎসাহ উদ্দীপনা যোগাবলৈ ৰাজ্য চৰকাৰে বহু সংখ্যক কাৰ্যসূচী ৰূপায়ন কৰিছে।ৰাজ্য খনত কৰ্ম সংস্কৃতিৰ যাতে এক উপযুক্ত পৰিবেশ সৃষ্টি হয় সেই পৰিবেশ নিৰ্মানত সাংবাদিক সকলক দায়বদ্ধতাৰে পদক্ষেপ লবলৈ আহ্বান জনায়।আনহাতে অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামীয়ে কয় যে তথ্যই হৈছে শক্তি।জনসংযোগ স্থাপন কৰাই হৈছে আটাতকৈ ডাঙৰ কাম।জন অৰণ্যৰ মাজত সংযোগ স্থাপন কৰাৰ বাবে জনসংযোগৰ বিষয়া সকলে নিষ্ঠা আৰু সততাৰে কাম কৰিব লাগিব।সাংবাদিক সকলক ফেল’শ্বিপ প্ৰদানৰ বিষয়টো উল্লেখ কৰি তেওঁ কয় যে আমাৰ ঐতিহ্যৰ অজান দিশবোৰ পোহৰলৈ অনা লগতে একো একোটা নিৰ্দিষ্ট বিষয়ৰ পুংখানুপুংখ অধ্যয়নৰ বাবে এই ফেল’শ্বিপ প্ৰদানৰ ব্যৱস্থা কৰা হৈছে যাতে নতুন প্ৰজন্মই এই বিষয় সমূহৰ সন্দৰ্ভত উপযুক্ত জ্ঞান লাভ কৰিব পাৰে।
উক্ত অনুষ্ঠানত জনসংযোগ বিভাগৰ আয়ুক্ত সচিব প্ৰীতম শইকীয়া,বিভাগৰ সচিব নীৰা গগৈ সোনোৱাল,সঞ্চালক অনুপম চৌধুৰী,সাদিন কাকতৰ সঞ্চালক অনুৰাধা শৰ্মা পূজাৰী,পূৰ্বোদয় কাকতৰ সম্পাদক ৰবি শংকৰ ৰবি,আমাৰ অসম কাকতৰ উপ সম্পাদক গৌতম শৰ্মা,দৈনিক অসমৰ সহকাৰী সম্পাদক বিতোপন বৰবৰা,জ্যেষ্ঠ সাংবাদিক বৈকুণ্ঠ নাথ গোস্বামী,ৰাইজৰ বাতৰিৰ সম্পাদক ভূপেন্দ্ৰ নাথ ভট্টাচাৰ্য প্ৰমুখ্যে বিশিষ্ট সাংবাদিক আৰু অন্যান্য গণ্য মান্য ব্যক্তি সকল উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.