গুৱাহাটীৰ বিশ্ববিদ্যালয়ত ২৮ সংখ্যক দীক্ষান্ত সমাৰোহ আয়োজন

0 241

গুৱাহাটী বিশ্ববিদ্যালয় ৭২ বছৰীয়া ইতিহাসত ২৪ ফ্ৰেব্ৰুৱাৰীত বিশ্ববিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হ’ব ২৮ সংখ্যক দীক্ষান্ত সমাৰোহ ৷ ২০১৬ চনত বিৰিঞ্চি কুমাৰ বৰুৱা প্ৰেক্ষাগৃহৰ পৰিৱৰ্তে বিশ্ববিদ্যালয় খেলপথাৰত অনুষ্ঠিত হ’ব ৷ বিগত সময়বোৰতকৈ এইবাৰ সমাৰোহখন পৃথক হ’ব ৷ প্ৰেক্ষাগৃহৰ  আসন ২ হেজাৰতকৈ কম হোৱাৰ বাবে যিহেতু আগন্তুক সমাৰোহত প্ৰায় তিনি হাজাৰতকৈ অধিক শিক্ষাৰ্থীয়ে ডিগ্ৰী লাভৰ বাবে আবেদন জনোৱাত খেলপথাৰত অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷
ইয়াৰ পূৰ্বে সমাৰোহ সমূহত যিমান সংখ্যক শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছিল তাৰ পৰিৱৰ্তে এইবাৰ প্ৰায় চাৰি হেজাৰ ক্ষমতাযুক্ত আসনৰ লগতে ৩৮ লাখ টকাৰ ব্যয়ৰে বৃহৎ পেণ্ডেল নিৰ্মাণ কৰা হৈছে ৷
ৰাজ্যপাল জগদীশ মুখী আৰু আন্তঃৰাষ্ট্ৰীয়  খ্যাতিসম্পন্ন বিজ্ঞানী শান্তি স্বৰূপ ভাটনগৰ বঁটাৰে বিভূষিত আৰু জৱাহৰলাল নেহেৰু বিশ্ববিদ্যালয় প্ৰাক্তন উপাচাৰ্য্যৰ অধ্যাপক সুধীৰ কুমাৰ মজৰীয়ে এইবাৰ সমাৰোহত বিশিষ্ট সাহিত্যিক অৰুপ কুমাৰ দত্তক সন্মানীয় ডি লিট আৰু ভাস্কৰ্য্য সিন্ধি বীৰেণ সিংহক সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰা হ’ব বুলি উপাচাৰ্য অধ্যাপক প্ৰতাপজ্যোতি সন্দিকৈয়ে সদৰী কৰে ৷
আনহাতে সংবাদমেলত সমাৰোহৰ আহ্বায়ক অধ্যাপক অখিল ৰঞ্জন দত্তই কয় যে এইবাৰ সমাৰোহত ভাগ লোৱা শিক্ষাৰ্থী সকলৰ মাজৰপৰা ৰাজ্যৰ পৰম্পৰাগত কৃষ্টি , সংস্কৃতি প্ৰতিফলিত হ’ব আৰু শিক্ষাৰ্থী সকলে পৰিধান কৰা সাজপাৰ সমূহ এইবাৰ প্ৰথমবাৰলৈ ঘৰলৈ নিব পাৰিব ৷ মূল অনুষ্ঠান ১১ বজাত আৰম্ভ হ’ব আৰু ৯ বজাত পঞ্জীয়নৰ কাম আৰম্ভ হ’ব ৷

Leave A Reply

Your email address will not be published.