অসম চৰকাৰৰ পৰিবহণ বিভাগৰ গুৱাহাটীৰ বেতকুছিস্থিত কামৰূপ মহানগৰ জিলা( পঞ্জীয়ন আৰু অনুজ্ঞা ) পৰিবহণ বিষয়াৰ কার্যালয়ে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সদিচ্ছা আৰু পৰিবহণ মন্ত্ৰী চন্দ্রমোহন পাটোৱাৰীৰ নিৰ্দেশত ক’ভিডৰ বিৰুদ্ধে যুঁজ দি অহা প্ৰথম শ্ৰেণীৰ যোদ্ধা হিচাপে চিকিৎসকৰ বাবে অহা ১১ আগষ্টৰ পৰা থিতাতে বাহন চালনাৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে । ইয়াৰ বাবে আবেদন গ্ৰহণ প্ৰক্ৰিয়া সৰল আৰু তৰাম্বিত কৰাৰ বাবে কামৰূপ মহানগৰ জিলাৰ জিলা পৰিবহণ বিষয়া ( পঞ্জীয়ন আৰু অনুজ্ঞা ) গৌতম দাসৰ বিশেষ বিশেষ তৎপৰতা আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালৰ ( জি এম চি এইছ ) অধীক্ষক ডাঃ অভিজিৎ শৰ্মাৰ সহযোগত অধীক্ষকৰ কাৰ্যালয়ত বাহন চালনাৰ আবেদন প্ৰক্ৰিয়াৰ সহায়ক হোৱাকৈ এটা অনলাইন সেৱা কেন্দ্ৰ স্থাপন কৰা হৈছে । আজি এই সেৱা কেন্দ্ৰটো মুকলি কৰে জি এম চি এইছৰ কনিষ্ঠ চিকিৎসক সন্থাৰ সাধাৰণ সম্পাদক ডাঃ অচিন্ত্য পেগুৱে । এই উপলক্ষে সন্থাৰ কৰ্মকর্তা ডাঃ দুৰ্লভ গগৈয়ে আঁত ধৰা চমু অনুষ্ঠানত ডাঃ অচিন্ত্য পেগুৱে ভাষণত চিকিৎসক সমাজৰ বাবে বাহন চালনাৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰাৰ বাবে শেহতীয়াকৈ কামৰূপ মহানগৰ জিলাৰ জিলা পৰিবহণ বিষয়া গৌতম দাসে যি পদক্ষেপ গ্ৰহণ কৰিছে সেয়া তুলনাবিহীন বুলি ব্যক্ত কৰে আৰু ইয়াৰ বাবে চিকিৎসক সমাজে পৰিবহণ বিভাগক সকলো ধৰণৰ সহায় সহযোগিতা আগবঢ়াই যাব বুলি সদৰি কৰে । সভাত জি এম চি এইছৰ উপ অধীক্ষক সন্দ্বীপ দাস , কনিষ্ঠ চিকিৎসক সন্থাৰ সভাপতি ডাঃ বিশাল সাহা , কৰ্মকর্তা ক্ৰমে ডাঃ ৰঞ্জিত ৰাউত , ডাঃ দ্বীপশিখা মেচ , ডাঃ ইজাজ আহমেদ উপস্থাপন থাকে । আনহাতে আজি প্ৰথম দিনটোতে ব্যাপক সঁহাৰি লাভৰে সেৱা কেন্দ্ৰত প্ৰায় ৩০ জন চিকিৎসকে বাহন চালনাৰ অনুজ্ঞাপত্ৰ লাভৰ বাবে আবেদন কৰিছে বুলি ডাঃ অচিন্ত্য পেগুৱে জানিবলৈ দিছে।
Trending
- প্ৰকৃতিপ্ৰেমী মঞ্চ অসমৰ জহামাল উদ্ধাৰ
- প্ৰতিকূল বতৰকো নেওচি সৰ্বানন্দ সোণোৱালৰ সমৰ্থনত ওলাই আহিল হাজাৰ হাজাৰ লোক-ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপি নেতৃত্বাধীন এনডিএ-ৰ প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে
- পল্টন বজাৰত বহুভাষিক কাব্য সন্ধ্যা অনুষ্ঠিত
- Dr. Buljit Buragohain at the Annual Lecture Program of the Department of Education B Borooah College
- কাহিলীপাৰাত প্ৰসিদ্ধ সাহিত্যিক, সমালোচক ড০ গোবিন্দ প্ৰসাদ শৰ্মাক পৰাগজ্যোতি প্ৰকাশনৰ সম্বৰ্দ্ধনা
- এইচ ডি এফ চি বেংকে সমগ্ৰ ভাৰতত ৬০ টা বেংকিং আউটলেট উদ্বোধন
- কামৰূপ মহানগৰ জিলা নেহেৰু যুৱ কেন্দ্ৰৰ উন্নয়ন খণ্ড ভিত্তিত ক্ৰীড়া উৎসৱ
- বিশ্ব কবিতা দিৱসত কবিতাৰ বৰষুণ
- গুৱহাটীত দুখন আই পি এল মেচ খেলিব ৰাজস্থান ৰয়েলছে- নিশ্চিত কৰিলে দলৰ অধ্যক্ষ অসমৰ ৰঞ্জিত বৰঠাকুৰে
- জিএন আৰ চি হাস্পাতালত বিশ্ব মগজুৰ আঘাত সংক্ৰান্তীয় সজাগতা দিৱস পালন