গুৱাহাটী নিৰ্মাণ হ’ব অলিম্পিক ভৱন-মুখ্যমন্ত্ৰী

0 314

গুৱাহাটীক দেশৰ ক্ৰীড়া ৰাজধানী হিচাপে গঢ়ি তোলাৰ সপোন দেখা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে গুৱাহাটীত এটা অসম অলিম্পিল ভৱন নিৰ্মাণৰ কথা ঘোষণা কৰিছে। কালি অনুষ্ঠিত অসম অলিম্পিক সন্থাৰ বাৰ্ষিক সাধাৰণ সভাত সভাপতিৰ ভাষণত মুখ্যমন্ত্ৰী সোনোৱালে কয় যে ৰাজ্যৰ ক্ৰীড়াৰ সামগ্ৰীক উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটীত এটা অসম অলিম্পিক ভৱনত নিৰ্মাণৰ ব্যৱস্থা কৰা হ’ব।
 
 
এই ভৱনত প্ৰতিটো ৰাজ্যিক ক্ৰীড়া সন্থাৰ কাৰ্যালয় স্থাপন কৰা হ’ব।৩৫ খন জিলা ক্ৰীড়া সন্থা, ৩১ খন ৰাজ্যিক ক্ৰীড়া সন্থা আৰু অসম অলিম্পিক সন্থাৰ প্ৰায় ২০০ প্ৰতিনিধিয়ে অংশ লোৱা সাধাৰণ সভাত মুখ্যমন্ত্ৰীৰ সৈতে উপস্থিত থাকে অসম অলিম্পিক সন্থাৰ উপ-সভাপতি তথা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য আৰু পীয়ুষ হাজৰিকা,ৰাজ্যসভাৰ সাংসদ ভুৱনেশ্বৰ কলিতা,অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোঁৱৰ, অসম অলিম্পিক সন্থা আৰু হকী ইণ্ডিয়াৰ কোষাধ্যক্ষ তপন কুমাৰ দাস, ক্ৰীড়া সঞ্চালক ধৰ্মকান্ত মিলি আৰু অসম চৰকাৰৰ ক্ৰীড়া আয়ুক্ত তথা সভাৰ পৰ্যবেক্ষক মলয় বৰা।
 
সভাত অসম অলিম্পিক সন্থাৰ ৱেবচাইট নিউজ লেটাৰ আৰু এটা অডি’ ভিজুৱেল মুখ্যমন্ত্ৰী সোনোৱালে মুকলি কৰে।আজি সাধাৰণ সভাত অলিম্পিক ভৱন নিৰ্মাণ,ক্ৰীড়া সন্থাৰ স্বীকৃতি,সংবিধান সংশোধনী ,গ্ৰাছৰুত অলিম্পিক, ক্ৰীড়া সন্থাৰ বাৰ্ষিক কাৰ্যকলাপৰ প্ৰতিবেদন দাখিল আৰু গোৱা নেচনেল গেমছৰ ওপৰত প্ৰস্তাৱ গ্ৰহণ কৰা হয়।

Leave A Reply

Your email address will not be published.