গুৱাহাটী বিমান বন্দৰত যান-বাহন প্ৰৱেশত প্ৰথম ১০ মিনিট হ’ব বিনামূলীয়া

0 172

বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানকোঠৰ চৌহদৰ ভিতৰত প্ৰৱেশ কৰা যান-বাহনৰ পাৰ্কিং মূল্যৰ ক্ষেত্ৰত নতুন নীতি-নিয়ম প্ৰনয়ণ কৰিছে বিমানকোঠৰ পৰিচালনা প্ৰতিষ্ঠান গুৱাহাটী ইন্টাৰনেশ্যনেল এয়াৰপৰ্ট লিমিটেডে। এই অনুসৰি ১০ মিনিটৰ ভিতৰত প্ৰবেশ কৰি ওলাই যোৱা যিকোনো বাহনৰ ক্ষেত্ৰত পাৰ্কিং মূল্য লোৱা নহয়। অৰ্থাৎ দহ মিনিটলৈ সকলো বাহনৰ প্ৰবেশ, প্ৰস্থান বিনামূলীয়া হ’ব।
উল্লেখ্য যে এই নীতি অহা ১০ জানুৱাৰীৰ পৰা বিমানকোঠত কাৰ্যকৰী কৰা হ’ব। অৱশ্যে দহ মিনিটৰ অধিক সময় পাৰ্কিং কৰা বাহনৰ ক্ষেত্ৰত পূৰ্বৰ দৰেই পাৰ্কিং মূল্য বাহাল থাকিব। সকলো ধৰণৰ যান-বাহনৰ বাবে প্ৰথম ১০ মিনিটৰ পৰা ৩০ মিনিটৰ বাবে ৩০ টকা আদায় লোৱা হ’ব। গধুৰ যানবাহন যেনে বাচ, ট্ৰাক, টেম্প’ আদিৰ বাবে ৩০-ৰ পৰা ১২০ মিনিটলৈ ১০০ টকা আৰু লঘু বাহনৰ বাবে ৮৫ টকা আদায় দিব লাগিব । পূৰ্বতে বিমানকোঠত প্ৰবেশ কৰিলেই প্ৰতিখন বাহনে নুন্যতম ৩০ টকা আদায় দিয়াটো বাধ্যতামূলক আছিল। তাৰোপৰি বিমানকোঠৰ চৌহদত নিৰ্দিষ্ট স্থানত নৈশ পাৰ্কিঙৰো ব্যৱস্থা কৰা হৈছে। প্ৰতিখন বাহনে তাৰ বাবদ দৈনিক ২০০ টকা আদায় দিব লাগিব বুলি কতৃপক্ষই জানিবলৈ দিয়ে।

Leave A Reply

Your email address will not be published.