গুৱাহাটী বিশ্ববিদ্যালয়ত লন টেনিছ কৰ্ট উদ্ধোধন

0 267

গুৱাহাটী বিশ্ববিদ্যালয়ৰ চিকিৎসালয়ৰ বাকৰিত নির্মাণ কৰা লন টেনিছ কৰ্টখন ১৩ ডিচেম্বৰত উদ্ধোধন কৰা হয় ।বিশ্ববিদ্যালয়ৰ বহুসংখ্যক ছাত্ৰ – ছাত্ৰীৰ উপস্থিতিত লন টেনিছ কৰ্টখন উদ্ধোধন কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ সঞ্চালক ডঃ ৰঞ্জন কুমাৰ কাকতি , অসম চৰকাৰৰ ক্ৰীড়া বিভাগৰ লন টেনিছ প্ৰশিক্ষক শিবাশীষ ৰাউত , গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক পাৰ্শ্ব পাটগিৰী আৰু প্ৰাক্তন উপ সভাপতি লক্ষ্যজিৎ দাসে । চমু ভাষণত ছাত্ৰ কল্যাণ সঞ্চালক ডঃ ৰঞ্জন কুমাৰ কাকতিয়ে লন টেনিছ কৰ্টখন মুকলি হোৱাৰ পাছত লন টেনিছ খেল খেলা ছাত্ৰ ছাত্ৰী সকলৰ এটা বহুদিনীয়া অভাৱ পূৰণ হ`ব বুলি আশা ব্যক্ত কৰে।

Leave A Reply

Your email address will not be published.