সমগ্ৰ ৰাজ্যজুৰি ক’ৰণা ভাইৰাছে তাণ্ডৱ চলাই থকাৰ সময়তে পৰীক্ষা সন্দৰ্ভত এক বিশেষ ঘোষণা কৰিছে গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই। সম্প্ৰতি সমগ্ৰ ৰাজ্যতে চলি থকা ক’ভিড-১৯ৰ স্বাভাৱিক পৰিস্থিতিক ভিত্তি কৰিয়েই গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ৰ চুড়ান্ত ষান্মাষিকৰ পৰীক্ষাসমূহ ছেপ্টেম্বৰ মাহৰ দ্বিতীয় সপ্তাহৰ পৰা আৰম্ভ কৰাৰ সম্ভাৱনা বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ঘোষণা কৰা জাননীত প্ৰকাশ পাইছে। সমান্তৰালভাৱে অনুষ্ঠিত হ’বলগীয়া পৰীক্ষাৰ সকলোধৰণৰ নীতি নিয়ম পৰীক্ষা অনুষ্ঠিত হোৱাৰ ৩সপ্তাহ পূৰ্বে আনুষ্ঠানিকভাবে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই প্ৰকাশ কৰিব বুলি জাননী খনত উল্লেখ আছে। স্মৰ্তব্য যে পৰীক্ষাৰ মাছুলৰ ক্ষেত্ৰত ২০শতাংশ ৰেহাই দিয়াৰ কথা জাননীখনত উল্লেখ কৰিছে।
Trending
- জৱাহৰ নবোদয় বিদ্যালয়ত কুইজিন-দ্য ব্ৰেইন বুফে
- ঘিলামৰাত ৬৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু শুভাৰম্ভ
- পৰ্যবেক্ষক, প্ৰাৰ্থী-প্ৰতিনিধিৰ সৈতে কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়াৰ গুৰুত্বপূৰ্ণ সভা
- মিচিং জাতীয় সংগঠনৰ বিশ্ব ধৰিত্ৰী দিৱস পালন
- বৰুৱাৰ সংসাৰ প্ৰদৰ্শিত হ’ব ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত
- এয়াৰটেলৰ ৰোমিং পেক উন্মোচন
- কাছাৰত অ গ পৰ সভাপতি নির্বাচনী প্ৰচাৰ
- ধৰিত্ৰী দিৱস আৰু প্ৰকৃতিপ্ৰেমী মঞ্চৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে হাতীৰ খাদ্য উদ্ভিদ ৰোপন কাৰ্যসূচী
- পলাশবাৰীত সাহিত্য সংস্কৃতি বিকাশ গোষ্ঠী “কামৰূপৰ সাধাৰণ সভা
- মুম্বাইত গগনাৰ ৰঙালী বিহু উদযাপন