গোলাঘাট জিলাৰ বনগাঁও কৃষি উন্নয়ন বিষয়া চক্ৰৰ অধীনৰ মিছিমিআটি গাঁৱৰ ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্মাৰছ প্ৰডিউচাৰছ কোম্পানীক আজি জিলা কৃষি বিষয়া ৰঞ্জিত শৰ্মাই কৃষিক্ষেত্ৰত ব্যৱহৃত যন্ত্ৰ-পাতি আৰু সা-সামগ্ৰী বিতৰণ কৰে । এই উপলক্ষে জিলা কৃষি বিষয়াৰ কাৰ্যালয়ৰ চৌহদতে আয়োজিত এটা অনুষ্ঠানত শৰ্মাই কয় যে কৃষকৰ উপাৰ্জন দুগুনলৈ বৃদ্ধি কৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে কৃষি খণ্ডত আধুনিক আহিলা-পাতি আৰু সা-সামগ্ৰী ব্যৱহাৰৰ বিষয়ত অধিক গুৰুত্ব আৰোপ কৰিছে ।অনুষ্ঠানত জ্যেষ্ঠ কৃষি উন্নয়ন বিষয়া (এগ্ৰ’) তথা এপাৰ্টৰ জিলা ন’ডেল বিষয়া ৰঞ্জন বৰুৱাই কয় যে আধুনিক যন্ত্ৰ-পাতিৰ অধিক ব্যৱহাৰৰ দ্বাৰা কৃষি খণ্ডলৈ ৰূপান্তৰ অনাৰ লগতে কৃষকৰ উপাৰ্জন দুগুণ কৰাটোৱেই ৰাজ্য চৰকাৰ তথা এপার্ট প্ৰকল্পসমূহৰ লক্ষ্য । আজিৰ অনুষ্ঠানত এপাৰ্টৰ অধীনত কঠিয়া ৰোৱা আৰু ধান কটা যন্ত্ৰ বিতৰণ কৰা হয় ।অনুষ্ঠানত মহকুমা কৃষি বিষয়া, গোলাঘাট (সদৰ) কৃষ্ণ ৰঞ্জন শইকীয়া, জ্যেষ্ঠ কৃষি উন্নয়ন বিষয়া জয়া গোস্বামী, এপার্টৰ জিলা পৰিৱেশ সমন্বয়ক ডঃ বনশ্ৰী শৰ্মা, এপাৰ্টৰ বিষয়া অনুপম গগৈ আৰু আত্মা-এপাৰ্ট আৰু জিলা কৃষি বিষয়াৰ কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰীসকল উপস্থিত আছিল।
Trending
- প্ৰকৃতিপ্ৰেমী মঞ্চ অসমৰ জহামাল উদ্ধাৰ
- প্ৰতিকূল বতৰকো নেওচি সৰ্বানন্দ সোণোৱালৰ সমৰ্থনত ওলাই আহিল হাজাৰ হাজাৰ লোক-ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপি নেতৃত্বাধীন এনডিএ-ৰ প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে
- পল্টন বজাৰত বহুভাষিক কাব্য সন্ধ্যা অনুষ্ঠিত
- Dr. Buljit Buragohain at the Annual Lecture Program of the Department of Education B Borooah College
- কাহিলীপাৰাত প্ৰসিদ্ধ সাহিত্যিক, সমালোচক ড০ গোবিন্দ প্ৰসাদ শৰ্মাক পৰাগজ্যোতি প্ৰকাশনৰ সম্বৰ্দ্ধনা
- এইচ ডি এফ চি বেংকে সমগ্ৰ ভাৰতত ৬০ টা বেংকিং আউটলেট উদ্বোধন
- কামৰূপ মহানগৰ জিলা নেহেৰু যুৱ কেন্দ্ৰৰ উন্নয়ন খণ্ড ভিত্তিত ক্ৰীড়া উৎসৱ
- বিশ্ব কবিতা দিৱসত কবিতাৰ বৰষুণ
- গুৱহাটীত দুখন আই পি এল মেচ খেলিব ৰাজস্থান ৰয়েলছে- নিশ্চিত কৰিলে দলৰ অধ্যক্ষ অসমৰ ৰঞ্জিত বৰঠাকুৰে
- জিএন আৰ চি হাস্পাতালত বিশ্ব মগজুৰ আঘাত সংক্ৰান্তীয় সজাগতা দিৱস পালন