গোলাঘাটত সম্ভেদ পোৱা গৈছে ঐতিহাসিক যুগৰ এক প্ৰত্নতাত্ত্বিক সম্পদৰ। নদীত পোঁত গৈ থকা অৱস্থাত পোৱা গৈছে ৩০০ ৰ পৰা ৪০০ বছৰ পুৰণি এখনি নাও।গোলাঘাটৰ ৰঙাজান গ্ৰান্টস্থিত শালমৰাটোপ গাঁৱত সম্ভেদ পোৱা গৈছে এই নাওখনৰ।ধনশিৰি নদীৰ বুকুত পোঁত গৈ থকা অৱস্থাত স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি জিলা প্ৰশাসনক অৱগত কৰে নাওখনৰ বিষয়ে।দেওবাৰে পুৱাই সেই স্থানত গোলাঘাট জিলা প্ৰশাসন, প্ৰত্নতাত্বিক বিভাগৰ লোক, এচডিআৰএফ বাহিনী আৰু বিধায়ক মৃণাল শইকীয়া উপস্থিত হৈ আৰম্ভ কৰে উদ্ধাৰ অভিযান।বৰ্তমান নাওখন উদ্ধাৰ কৰিব পৰা হোৱা নাই যদিও এচডিআৰএফ আৰু প্ৰত্নতাত্বিক বিভাগৰ লোকে অব্যাহত ৰাখিছে উদ্ধাৰৰ প্ৰচেষ্টা।অৱশ্যে নাওখনৰ এটি ভগ্নাৱশেষ এতিয়ালৈকে উদ্ধাৰ কৰা হৈছে। নাওখন প্ৰায় ৫০ ফুট দৈৰ্ঘ্যৰ হ’ব বুলি অনুমান কৰা হৈছে।
Trending
- চি আই ডিৰ মহাপৰিদৰ্শক হিচাপে নিযুক্তি লাভ আইৰণ লেডীৰ
- আজি অনুষ্ঠিত হয় প্রথম পৰ্য্যায়ৰ ভোটদানৰ পৰ্ব
- আজাৰাত এন ডি আৰ এফৰ প্ৰথম বেটেলিয়ানত সঞ্চালক প্ৰধান পীযুষ আনন্দ
- ৭৭ নং ঢকুৱাখনা বিধানসভা সমষ্টিৰ নিৰ্বাচনী বিষয়া কৰ্মী ৰাওনা ভোটকেন্দ্ৰলৈ
- ধেমাজি জৱাহৰ নবোদয় বিদ্যালয়ত সমাবেশ অনুষ্ঠান-নবাগতক বিদ্যালয় কৰ্তৃপক্ষৰ আদৰণি
- দীপৰ বিলৰ কাষৰীয়া দেউছতালত বৰো ধানৰ খেতিৰে সেউজ বিপ্লৱ গঢ়িছে বলেশ্বৰ ৰংপীয়ে
- ড্ৰাই ডে ঘোষণা
- মহানগৰীত ন’ ফ্লাই আৰু ন ক্ৰেকাৰ জ’ন “ঘোষণা জিলা দণ্ডাধীশৰ
- ব্যয় পৰ্যবেক্ষকৰ বৈঠক
- দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান