গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত

0 282

আজি  দিনৰ ১১ বজাত অসম সাহিত্য সভাৰ নেহা আগৰৱালা সোঁৱৰণী সভাকক্ষ গৃহত উদয়ীমান লেখিকা ডঃ নিশিগন্ধা তালুকদাৰৰ সম্পাদনাত প্ৰকাশিত জনপ্ৰিয় নাট্যকাৰ হিমেন্দ্ৰ বৰঠাকুৰৰ নাট্যসম্ভাৰ আৰু আলোচনা শীৰ্ষক গ্ৰন্থ খন আনুষ্ঠানিক ভাৱে উন্মোচন কৰা হয়। বিশিষ্ট লেখক সমালোচক তথা কটন কলেজৰ প্ৰাক্তন অধ্যক্ষ ডঃ সীতানাথ লহকৰৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম সাহিত্য সভাৰ সভাপতি ডঃ পৰমানন্দ ৰাজবংশী আনহাতে নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে ডিব্ৰুগড় বিশ্ববিদ্যালয় ইংৰাজী বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক ডঃ পোনা মহন্ত আৰু গুৱাহাটী বিশ্ববিদ্যালয় অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক ডঃ প্ৰাঞ্জল শৰ্মা বশিষ্ঠ।উল্লেখযোগ্য যে গ্ৰন্থ খন আনুষ্ঠানিক ভাৱে শুভ উন্মোচন কৰে অসম বাণী কাকতৰ মুখ্য সম্পাদক দিলীপ চন্দনে। উল্লেখযোগ্য যে ডিমৰীয়া মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপিকা ডঃ নিশিগন্ধা তালুকদাৰ ইতিমধ্যে গল্পকাৰ, নাট্য গৱেষক হিচাপে প্ৰতিষ্ঠা লাভ কৰিছে । ইয়াৰ পূৰ্বে তেওঁ তিনিখন গ্ৰন্থ প্ৰকাশ কৰি সমাদৰ লাভ কৰিব সক্ষম হৈছে।খবৰ যুগুতালে হীৰক জ্যোতিয়ে..

Leave A Reply

Your email address will not be published.