গ্ৰন্থ উন্মোচন

0 317

সুস্থ ভাৱে জীৱন যাপন কৰিবলৈ মানুহক এটা সুস্থ স্বাস্থ্যৰ প্ৰয়োজন। এটা সুস্থ স্বাস্থ্যৰ অধিকাৰী হ’ব পৰাটো হৈছে এক ধৰণৰ কলা। আনহাতে সঠিক পৰিমানৰ খাদ্যইহে আমাক সুস্থ দেহৰ অধিকাৰী কৰি তোলে । এই উদ্দেশ্যে আজি গুৱাহাটী প্ৰেছ ক্লাৱত চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ তিনি গৰাকী চিকিৎসকৰ ‘ৰোগৰ পথ্য আৰু অপথ্য’ শীৰ্ষক এখন উচ্চ মানৰ গ্ৰন্থ আনুষ্ঠানিক ভাৱে উন্মোচন কৰা হয়। চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ ভৱেশ দাসৰ সভাপতিত্ব অনুষ্ঠিত হোৱা গ্ৰন্থ উন্মোচনী সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে উত্তৰ- পূব আয়ুৰ্বেদ আৰু হমিঅপেথিক অধ্যয়ন কেন্দ্ৰৰ সঞ্চালক ডাঃ প্ৰদীপ গোস্বামী আৰু বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকে অসম পৰ্যটন বিভাগৰ তথ্য বিষয়া ডঃ বিদ্যাৰ্নব বৰা আৰু গুৱাহাটী বাণিজ্য মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ডঃ পূৰ্ণ ভট্ট। এই বিশেষ গ্ৰন্থ খন লিখি উলিয়াইছে ক্ৰমে আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ ডাঃ চুমি ভট্টাচাৰ্য, ডাঃ খগেন বসুমতাৰী আৰু ডাঃ ভিক্টোৰিয়া বড়ো ৱে। উল্লেখযোগ্য যে ইতিমধ্যে ডাঃ চুমি ভট্টাচাৰ্যৰ চিকিৎসা বিষয়ক কেইবাখনো গৱেষণা পত্ৰই ইতিমধ্যে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি লাভ কৰিছে।

Leave A Reply

Your email address will not be published.