চকা বন্ধৰ মাজতে অসম ৰাজ্যিক পৰিবহন নিগমৰ বাছৰ চলাচল অব্যাহত আছে

0 374

সদৌ অসম মটৰ পৰিবহন সংস্থাই আজিৰ পৰা অনিৰ্দিষ্ট কাললৈ চকাবন্ধ কাৰ্যসূচী ৰূপায়ন কৰিছে । কিন্তু এইসময়খিনিত অসম ৰাজ্যিক পৰিবহনৰ বাছ চলাচল কৰিব বুলি জানিব পৰা গৈছে।পুৱা ৬ বজাৰ পৰা নিশা ১০ বজালৈ এই বাছৰ চলাচল অব্যাহত থাকিব।
 
 
ইতিমধ্যে যাৱতীয় প্ৰস্তুতি সম্পন্ন হৈছে । ৬৫০ খন বাছ সমগ্ৰ অসমত চলা লগতে গুৱাহাটীৰ পৰা ২৫০ খন চিটি বাছ চলিব বুলি পৰিবহন নিগমৰ অধ্যক্ষ অশোক ভট্ৰৰয়ে সংবাদ মেল যোগে জানিবলৈ দিয়ে।ইফালে ৬ অক্টোবৰত বাছ মালিক সংস্থাৰ লগত আলোচনাত মিলিত হ’ব বুলি জানিব পৰা গৈছে।

Leave A Reply

Your email address will not be published.