চকৰদৌ মাটিয়াৰ ক’ভিড আক্ৰান্ত শিক্ষাৰ্থীক ৰংমন পৰ্যটন সমিতিৰ কৰ্মকর্তাৰ খাদ্য সামগ্ৰী বিতৰণ

0 216

ক’ভিড কেন্দ্ৰিক পৰিস্থিতিৰ ভয়াবহতাতাৰ মাজতো এতিয়াও মানৱতা যে আছে তাৰ নিদৰ্শন আজি পুনৰ দাঙি ধৰিলে পশ্চিম গুৱাহাটীৰ চকৰদৌৰ উদীয়মান যুৱকদ্বয় তথা ৰংমন পৰ্যটন সমিতিৰ কৰ্মকর্তা প্ৰমোদ কলিতা আৰু বিৰাজ কলিতাই। উল্লেখযোগ্য যে আজাৰাস্থিত ৰাজধৰ বড়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দশম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰদ্বয় তথা চকৰদৌ মাটিয়া নিবাসী ব্ৰজেন কলিতা আৰু নিৰ্মল দাস ক’ভিডত আক্ৰান্ত হৈ বিগত পাছদিন ধৰি বৰ্তমান নিজ গৃহত চিকিৎসকৰ পৰামৰ্শ অনুসৰি হোম আইচ’লেচনত আছে।ইতিমধ্যে দুয়োজন শিক্ষাৰ্থীৰ ঘৰৰ চৌহদ একপ্ৰকাৰ অবৰুদ্ধ ক্ষেত্ৰৰ দৰে হৈ পৰিছে। দুখীয়া পৰিয়াল দুটাৰ দুজনকৈ সন্তান ক’ভিডত আক্ৰান্ত হোৱাৰ পাছত স্বাভাৱিকতে পৰিয়াল দুটাৰ জীৱন-জীৱিকাৰ ক্ষেত্ৰখনতো নেতিবাচক প্ৰভাৱ পেলাইছে।
ঘৰৰ পৰা কোনোৱে ওলাই যাব নোৱাৰাৰ বাবে তেওঁলোক আৰ্থিক ভাৱেও মাধমাৰ খাবলগীয়া হৈছে। ইয়াৰ পৰিপ্ৰেক্ষিতত দুয়োটা পৰিয়ালক সামান্য সকাহ দিয়াৰ লক্ষ্যৰে আজি প্ৰমোদ কলিতা আৰু বিৰাজ কলিতাই (পৱন) দুয়োজন শিক্ষাৰ্থীৰ ঘৰলৈ গৈ চাউল, আলু, পিয়াজ, মিঠাতেল, নিমখ, দাইল, গাখীৰকে ধৰি কিছু পৰিমাণৰ খাদ্য সামগ্ৰী প্ৰদান কৰে। দুয়োজন যুৱকৰ এনে মহানুভবতাক অঞ্চলটোৰ সকলোৱে একেমুখে শলাগ লৈছে। উল্লেখযোগ্য যে বিগত ২০২০ বর্ষৰ লকডাউনৰ সময়তো দুয়োজনে নিজাববীয়াকৈ আৰু বিভিন্ন দল-সংগঠনৰ সহযোগত চকৰদৌৰ উপৰি কাষৰীয়া ছাটাৰগাঁওত বহু পৰিয়ালক খাদ্য সামগ্ৰীৰ লগতে নিত্য ব্যৱহাৰ্য সামগ্ৰী বিতৰণ কৰি সকলোৰে সমাদৰ লাভ কৰিছিল।

Leave A Reply

Your email address will not be published.