চ`চিয়েল মিডিয়াৰ যোগে ঈদৰ শুভেচ্ছা জ্ঞাপন ৰাষ্ট্ৰপতিৰ

0 240

আজি পবিত্ৰ ঈদ-উজ-জোহা। ৰাজ্যজুৰি ইছলাম ধৰ্মী লোকসকলে ঘৰে ঘৰে পঢ়িছে নামাজ। অৱশ্যে পূৰ্বৰ দৰে উচাহ নাই এইবাৰ ঈদত। কিয়নো চাৰিওদিশে এতিয়া ক`ৰণাৰ সংক্ৰমণ। সোমবাৰে নতুন এছ অ’ পিত উল্লেখ কৰা অনুসৰি, এইবাৰ ৰাজহুৱা স্থানত নামাদ ঈদৰ পঢ়িব নোৱাৰিব । সেয়েহে সকলো ইছলাম ধৰ্মী লোকক ঘৰতে ঈদ উদযাপন কৰিবলৈ আহ্বান জনাই স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই।
ইফালে, ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ, কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, আছু জ্যেষ্ঠ নেতা সমুজ্জ্বল ভট্টাচাৰ্যকে ধৰি বহুজনে চ’চিয়েল মিডিয়াযোগে ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছে। লগতে সকলোৰে সুস্বাস্থ্য আৰু সমাজত শান্তিৰ বাবে কামনা কৰিছে।

Leave A Reply

Your email address will not be published.