চতিয়াৰ এখন ব্যতিক্ৰমী পঞ্চায়ত- উন্নয়নৰ সমান্তৰালতকৈ গুৰুত্ব দিছে সাংস্কৃতিক দিশত

0 224

চতিয়া বিধানসভা সমষ্টিৰ নদুৱাৰ উন্নয়ন খণ্ডৰ এটা গুৰুত্বপূৰ্ণ পঞ্চায়ত হ’ল মধ্য ছিলাবন্ধা গাঁও পঞ্চায়ত। চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ সবল নেতৃত্বত চতিয়া সমষ্টিত পঞ্চায়তী কাম কাজে ইতিমধ্যে গতি লাভ কৰিছে।চতিয়া সমষ্টিৰ মধ্য ছিলাবন্ধা গাঁও পঞ্চায়তে পঞ্চায়তৰ বাট পথকে ধৰি উন্নয়ন মূলক কামৰ সামন্তৰালকৈ সাংস্কৃতিক দিশটোও আগুৱাই নিয়াৰ স্বাৰ্থ আগত এলানি সাংস্কৃতিক বিষয়ৰ লগত জড়িত উন্নয়ন মূলক আচঁনি ইতিমধ্যেই সম্পূৰ্ণ কৰি তুলিছে।পঞ্চায়তখনৰ কমাৰ চুকৰ মিলন বাকৰিত পঞ্চায়তৰ তৰফৰ পৰা আটকধুনীয়াকৈ নিৰ্মাণ কৰি উলিওৱা ৰঙ্গমঞ্চত অলপতে মঞ্চস্থ হয় ‘দেওলগা ঘৰ’ নামৰ নাটকখন। যত অঞ্চলটোৰ কেইবাখনো গাঁওৰ যুৱক যুৱতীয়ে নাট্যচৰ্চাৰ পৰিবেশ লাভ কৰাত সহায় হৈছে। গোসাঁইচুকতো পঞ্চায়তৰ তৰফৰ পৰা নিৰ্মাণ কৰা হৈছে এটা সুন্দৰ ৰঙ্গমঞ্চ।অলপতে পাতলৰচুকৰ গান্ধী পথাৰত অলপতে কণ কণ ছাত্ৰ ছাত্ৰী সকলকলৈ পঞ্চায়তৰ তৰফৰ পৰা অনুষ্ঠিত কৰা খেলা ধূলাৰ প্ৰতিযোগিতাও অন্যতম গুৰুত্বপূৰ্ণ দিশ হিচাপে বিবেচিত হৈছে। মুঠতে উন্নয়নৰ সামন্তৰালকৈ মধ্য ছিলাবন্ধা গাঁও পঞ্চায়তে সাংস্কৃতিক আৰু খেলাধুলাৰ দিশৰ প্ৰতি গুৰুত্ব দিয়াতো ইতিবাচক হিচাপে বিবেচিত হৈছে।
বাতৰি যুগুতালে জামুগুৰীহাটৰ পৰা ৰাতুল হাজৰিকাই..

Leave A Reply

Your email address will not be published.