চতুৰ্থ পৰ্যায়ৰ লক ডাউনত প্ৰশাসনে কি নিৰ্দেশনা জাৰি কৰিলে

0 280

সমগ্ৰ দেশজুৰি ক’ৰণা ভাইৰাছক প্ৰতিৰোধ কৰিবলৈ অব্যাহত আছে চতুৰ্থ পৰ্যায়ৰ লকডাউন। এই চতুৰ্থ পৰ্যায়ৰ লকডাউনৰ সময়ছোৱাত চৰকাৰৰ তৰফৰ পৰা অসমৰ সকলো চৰকাৰী বিষয়া আৰু কৰ্মচাৰীসকলৰ প্ৰতি নিৰ্দেশনা প্ৰদান কৰিছে। উল্লেখযোগ্য যে এই নতুন নিৰ্দেশনা জাৰি কৰিছে সাধাৰণ প্ৰশাসন বিভাগে। ৰাজ্য চৰকাৰৰ চৰকাৰী বিষয়া কৰ্মচাৰী সকলে যে এশ কাৰ্যালয় সমূহত এশ শতাংশই উপস্থিত থাকিব লাগিব এই সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত সাধাৰণ প্ৰশাসনলৈ অনুমোদন দিয়ে মুখ্য সচিব সঞ্জয় কৃষ্ণই। প্ৰশাসনে নিৰ্দেশনা কৰা নতুন নিৰ্দেশনাৱলী সমূহ হ’লঃ
১) ৰাতিপুৱা ৯.৩০বজাৰ পৰা আবেলি ৫বজালৈকে এশ শতাংশই নিজৰ নিজৰ কাৰ্যালয়ত উপস্থিত থাকিব লাগিব চৰকাৰী ৰাজপত্ৰিত বিষয়া সকলে।
২) চৰকাৰী কাৰ্যালয় সমূহত কৰ্মৰত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ সমূহ কৰ্মচাৰীসকলক দুভাগত ভাগ কৰি কাৰ্যালয় সমূহত উপস্থিত থকাৰ নিৰ্দেশ প্ৰদান কৰা হৈছে।
৩) চৰকাৰী কাৰ্যালয়ত কৰ্মৰত মহিলা কৰ্মচাৰী আৰু দিব্যাংগ কৰ্মচাৰীসকলৰ বাবে দিয়া হৈছে আন এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা। এই নিৰ্দেশনা অনুসৰি ৰাতিপুৱা ৯.৩০বজাৰ পৰা আবেলি ৩.৩০বজালৈকে প্ৰায় ৫০শতাংশ কৰ্মচাৰীয়ে কাৰ্যালয়ত উপস্থিত থাকিব লাগিব।
৪) আনহাতে দিনৰ ১১.৩০বজাৰ পৰা আবেলি ৩.৩০ বজালৈকে বাকী থকা ৫০শতাংশ কৰ্মচাৰীয়ে কাৰ্যালয় সমূহত উপস্থিত থাকিব লাগিব।
সমগ্ৰ ৰাজ্যতে যিসকল লোক জৰুৰীকালীন সেৱাৰ সৈতে জড়িত হৈ আছে সেই সকলো লোকৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় এই নীতি নিৰ্দেশনা সমূহ। আনহাতে চৰকাৰী কাৰ্যালয় সমূহত কৰ্মৰত হৈ থকা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ সময়সূচী ঠিক কৰিব নিজৰ নিজৰ বিভাগ সমূহে। সমান্তৰালভাৱে কৰ্মৰ তাগিদাত পুনৰ নিজৰ নিজৰ কাৰ্যালয় সমূহত থকা অথবা কাৰ্যালয়লৈ অহা প্ৰতিগৰাকী বিষয়া–কৰ্মচাৰীয়ে চৰকাৰৰ নিৰ্দেশ তথা গাইডলাইন্স সকলোবোৰ মানি চলি সামাজিক দূৰত্বৰ ব্যৱধান অটুট ৰখাৰ লগতে সময়ে সময়ে  হাত সমূহ ছেনিটাইজ কৰাটোও অত্যন্ত জৰুৰী।

Leave A Reply

Your email address will not be published.