চলচিত্ৰ উদ্যোগলৈ সুখবৰ

0 246

অসমৰ চলচিত্ৰ নিৰ্মাতা সকললৈ সুখবৰ ।ৰাজ্য চৰকাৰে চুটি ছবি, এনিমেচন ছবি নিৰ্মাতাসকললৈ ৰাজ সাহাৰ্য্য আগবঢ়াইছে।ইতিমধ্যে ১কোটি টকা এই শিতানত ব্যয় কৰাৰ বাবে আগবঢ়াইছে।এই সম্পৰ্কত আজি অনুষ্ঠিত কৰা এক সংবাদ মেলত অসম চলচিত্ৰ বিত্ত নিগমৰ অধ্যক্ষ যতীন বৰাই কয় যে চুটি ছবিৰ দৈৰ্ঘ্যৰ ওপৰত নিৰ্মাতাসকলে ৫লাখ টকাৰ পৰা ২৫লাখ টকা ৰাজসাহাৰ্য্য লাভ কৰিব ।ৰাজ্যখনত বন্ধ হৈ থকা চিনেমা হল সমূহ পুনৰ নিৰ্মাণৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰাৰ কথা জানিবলৈ দিয়ে ।আনহাতে সংবাদমেলত উপস্থিত থাকি পৰিচালিকা ৰীমা দাসে তেখেতৰ ছবি পূৰ্ণচন্দ্ৰা নিৰ্মাণৰ বাবে৫০লাখ টকা লাভ কৰাৰ কথা সদৰী কৰে।অৱশ্যে ছবিখনত ৫০ লাখ টকা ব্যয় নহ’লে বাকী পইচা বিত্ত নিগম ঘুৰাই দিব বুলি জানিবলৈ দিয়ে।

Leave A Reply

Your email address will not be published.