চাইবাৰ ক্ৰাইম ৰোধৰ বাবে সভা অনুষ্ঠিত

0 263

সমগ্ৰ বিশ্বতে ভয়াবহ হাৰত বৃদ্ধি পাইছে চাইবাৰ অপৰাধ। ইণ্টাৰনেট বেংকিং কিম্বা ডিজিটাইজেশ্বনৰ যুগত নিতৌ চাইবাৰ অপৰাধী চক্ৰৰ কবলত পৰি নিজৰ কষ্টোপাৰ্জিত ধন হেৰুৱাইছে বহু লোকে। নতুনকৈ ম’বাইল তথা ইণ্টাৰনেট সেৱা সম্প্ৰসাৰিত কৰ্মৰত হোৱা অঞ্চলত চাইবাৰ অপৰাধীৰ ফান্দত পেলাইছে বহু ব্যক্তিক। আনকি আৰক্ষী তথা নিৰাপত্তা সংস্থাসমূহত কৰ্মৰত লোকসকলে চাইবাৰ অপৰাধী কবলত পৰিছে। ইণ্টাৰনেট ব্লু’হোৱেল দৰে খেলৰ কবলত পৰি বহু কিশোৰ-কিশোৰীয়ে প্ৰাণ হেৰুৱাইছে। ইপিনে জনসচেতনতা সৃষ্টিৰ চাইবাৰ অপৰাধ বোৰৰ বাবে আগবাঢ়ি আহিছে অল্টাৰনেট ৰুৰেল মুৱভমেণ্ট চমুকৈ আৰ্ম নামৰ এক স্বেচ্ছাসেৱী সংগঠন। আৰ্মৰ সহযোগত আজি বিয়লী ৪ বজাত গুৱাহাটী নুনমাটিস্থিত কেন্দ্ৰীয় ঔদ্যোগিক নিৰাপত্তা বাহিনী চমুকৈ চি আই এচ এফৰ শিৱিৰত চাইবাৰ অপৰাধ শীৰ্ষক এখন সজাগতা সভা অনুষ্ঠিত হয়। চি আই এচ এফৰ ডেপুটি কামাণ্ডেণ্ট আশুতোষ গৌড়ৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা সভাত অসম আৰক্ষীৰ অৱসৰ প্ৰাপ্ত বিষয়া অশ্বিনী কুমাৰ কলিতা মুল সমল ব্যক্তি হিচাপে উপস্থিত থাকে। লগতে চি আই এচ এফৰ এচিষ্টেণ্ট কামাণ্ডেণ্ট বিষয়া এ এচ নেগী, আৰ্মৰ সভাপতি তথা সাংবাদিক হনী ঝাঝৰী উপস্থিত থাকে..

Leave A Reply

Your email address will not be published.