চাউথ কামৰূপৰ কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা

0 262

লকডাউনৰ মাজতে সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা মিৰ্জা আৰু হুদুমপুৰৰ দুগৰাকী শিক্ষাৰ্থীক যোৱা কালি সম্বৰ্ধনা জনোৱা হয়। দক্ষিণ কামৰূপৰ বৈদ্যুতিন আৰু ছপা মাধ্যমৰ উমৈহতীয়া সংগঠন ই পি মিডিয়া ফ’ৰাম, চাউথ কামৰূপ তৰফৰ পৰা সংগঠনটোৰ দুগৰাকী সদস্য ক্ৰমে মিৰ্জাস্থিত জগদ্বীশ চৌধুৰী, পত্নী মৌচুমী চৌধুৰীৰ কন্যা জ্যোতিমা চৌধুৰী আৰু হুদুমপুৰস্থিত অনিল কলিতা, পত্নী চিত্ৰা কলিতাৰ পুত্ৰ অভিজিৎ কলিতাক সম্বৰ্ধনা জনোৱা হয়।
 
 
এই উপলক্ষে সংগঠনটোৰ সম্পাদক নীৰেন চন্দ্ৰ মালীয়ে আঁত ধৰা চমু অনুষ্ঠানটোত শিক্ষাৰ্থী দুগৰাকীক এখনকৈ ফুলাম গামোচা, এটি কলম, কিতাপৰ টোপোলাৰে সম্বৰ্ধনা জনোৱাৰ উপৰিও মাস্ক, ছেনিটাইজাৰ প্ৰদান কৰা হয়। লগতে শিক্ষাৰ্থী দুগৰাকীৰ মাতৃকো একোখনকৈ ফুলাম গামোচাৰে আদৰণী জনোৱা হয়। শিক্ষাৰ্থী জ্যোতিমা চৌধুৰীয়ে মিৰ্জাস্থিত সৰস্বতী শিক্ষা নিকেতন বিদ্যালয়ৰ পৰা পাঁচটা বিষয়ত লেটাৰসহ ডিষ্টিংচন লৈ সুখ্যাতিৰে উত্তীৰ্ণ হয় আৰু অভিজিৎ কলিতাই পলাশবাৰী বয়জ হাইস্কুলৰ পৰা প্ৰথম বিভাগত উত্তীৰ্ণ হয়।
 
দুয়োগৰাকী শিক্ষাৰ্থীক সম্বৰ্ধনা জনাই সংগঠনৰ সভাপতি ৰতন কলিতাই শিক্ষাৰ্থী দুগৰাকীক উদ্দেশ্যি প্ৰেৰণা মুলক বক্তব্য প্ৰদান কৰি উজ্বল ভৱিষ্যত কামনা কৰে। অনুষ্ঠানটোত সংগঠনটোৰ উপদেষ্টা বলেন কলিতা, কাৰ্যকৰী সভাপতি হীতেন মালী, কোষাধ্যক্ষ হীতেশ কলিতা, সহকাৰী সম্পাদক নুৰুল ইছলাম, কাৰ্যকৰী সদস্য দীপক কলিতা, গিৰীন্দ্ৰ কলিতা, মিলন মহন্ত, ধ্ৰুৱজ্যোতি কলিতা, বিনয় কলিতা, জীতুমণী দাস লগতে বহু কেইজন সদস্য উপস্থিত থকাৰ উপৰিও সাংবাদিক পৰিষদ, অসম কামৰূপ জিলা সমিতিৰ সম্পাদক পবিত্ৰ কুমাৰ দাস, উপ সভাপতি বিমল শৰ্মা উপস্থিত থাকে।
খবৰ যুগুতালে মিৰ্জাৰ পৰা জিতুমণি দাসে..

Leave A Reply

Your email address will not be published.