চাউথ কামৰূপৰ নৱম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

0 234

দক্ষিণ কামৰূপৰ বৈদ্যুতিন আৰু ছপা মাধ্যমৰ উমৈহতীয়া সংগঠন ইলেকট্ৰনিক আৰু প্ৰিণ্ট মিডিয়া ফ’ৰাম, চাউথ কামৰূপৰ নৱম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আজি মিৰ্জাস্থিত ই.পি.মিডিয়া ফ’ৰামৰ নিজস্ব ভূমিত চৰকাৰী নিৰ্দেশনা অনুসৰি ক’ভিড প্ৰটকল মানি অনুষ্টুপীয়াকৈ উদযাপন কৰা হয়।
 
কাৰ্যসুচী অনুসৰি ৰাতিপুৱা ১০ বজাত পতাকা উত্তোলন কৰে ফ’ৰামৰ সভাপতি ৰতন কলিতাই। ১০.২০ বজাত স্মৃতি তৰ্পন আৰু বন্তি প্ৰজ্বলন কৰে ক্ৰমে ফ’ৰামৰ মুখ্য উপদেষ্টা বলেন কলিতা, উপদেষ্টা অনিল কলিতা, কাৰ্যকৰী সভাপতি হিতেন মালী, কোষাধ্যক্ষ হীতেশ চন্দ্ৰ কলিতাই।
 
১১ বজাত বৃক্ষ ৰোপন কৰে ক্ৰমে পলাশবাৰী ৰাজহ চক্ৰৰ নৱনিযুক্ত চক্ৰ বিষয়া ধৃতিস্মান দাস, সাধাৰণ সম্পাদক নীৰেন চন্দ্ৰ মালী, জ্যেষ্ঠ সদস্য ফটিক ঠাকুৰীয়া, সহকাৰী সম্পাদকদ্বয় নুৰুল ইছলাম, চাহাব চৌধুৰী, সদস্য ধ্ৰুৱজ্যোতি কলিতাই। ইয়াৰ পিছতে জ্যেষ্ঠ সদস্য জগদ্বীশ চৌধুৰীয়ে উদ্বোধন কৰা প্ৰীতিসন্মিলন খনি সঞ্চালনা কৰে সভাপতি ৰতন কলিতাই।
 
প্ৰীতি সন্মিলনত সভাপতি কলিতাই সাম্প্ৰতিক সময়ৰ প্ৰতি লক্ষ্য ৰাখি এইবেলি নৱম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস অনুষ্ঠুপিয়াকৈ অনুষ্ঠিত কৰাৰ কথা উল্লেখ কৰি আগন্তুক দশম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস কাৰ্যসূচীত নিজ ভূমিত এটি ঘৰ নিৰ্মাণ কৰাৰ উপৰিও এখন স্মৃতি গ্ৰন্থ প্ৰকাশৰ কথা ভাষণ প্ৰসঙ্গত উল্লেখ কৰে। উক্ত অনুষ্ঠান নৱনিযুক্ত চক্ৰ বিষয়া ধৃতিস্মান দাসে দায়িত্ব গ্ৰহণ কৰি সমষ্টিটোত ৰাইজৰ হৈ কাম কৰি যোৱাৰ বাবে সহায়-সহযোগিতা কামনা কৰি সংগঠনটোৰ উজ্বল ভৱিষ্যত কামনা কৰে।
 
প্ৰীতি সন্মিলখনিত উপস্থিত সকলো বিষয়ববীয়াৰ আৰু সদস্যই প্ৰতিষ্ঠা দিৱস উপলক্ষে নিজ নিজ মনোভাৱ ব্যক্ত কৰে। অনুষ্ঠানত সদস্য দোলন কলিতা, মিলন মহন্ত, জীতুমণী দাস, হীতেশ কলিতা আৰু শুভকাংক্ষী তপন দাস আদি উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.